বহিঃৰাজ্যত কৰ্মসংস্থাপন বিচাৰি পুনৰ সন্ধানহীন শিৱসাগৰৰ যুৱক - আকাশ দাস
তামিলনাডুত কৰ্ম সংস্থাপন বিচাৰি যোৱা শিৱসাগৰৰ যুৱক সন্ধানহীন হ'ল উৰিষ্যাৰ ভদ্ৰা ৰেল ষ্টেচনত, কোনো লোকে আকাশ দাসৰ সন্ধান পালে নিকটৱৰ্তী আৰক্ষী চকী অথবা ৬০০১০ ৮৫৩৭৫ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান পৰিয়ালৰ লোকৰ
![বহিঃৰাজ্যত কৰ্মসংস্থাপন বিচাৰি পুনৰ সন্ধানহীন শিৱসাগৰৰ যুৱক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4138542-thumbnail-3x2-huhjijkj---copy.jpg)
শিৱসাগৰ, 14 আগষ্টঃ বহিঃৰাজ্যত কৰ্মসংস্থাপন বিচাৰি পুনৰ সন্ধানহীন হ’ল অসমীয়া যুৱক । তামিলনাডুত কৰ্ম সংস্থাপন বিচাৰি যোৱা শিৱসাগৰৰ যুৱক সন্ধানহীন হ'ল উৰিষ্যাৰ ভদ্ৰা ৰেল ষ্টেচনত । ঘটনা অনুসৰি, শিৱসাগৰৰ 2 নং চাউলকৰা গাঁৱৰ পুনেশ্বৰ দাস আৰু সৰু ছোৱালী দাসৰ দুই পুত্ৰ লক্ষ্মীনাথ দাস আৰু আকাশ দাসে কৰ্ম সংস্থাপনৰ উদ্দেশ্যে ৰেলেৰে যাত্ৰা কৰিছিল তামিলনাডুলৈ । কিন্তু 22 জুলাই তাৰিখে উৰিষ্যাৰ ভদ্ৰা ষ্টেচনত ৰেলৰ পৰা নমাৰ পিছৰ পৰাই নিৰুদ্দেশ হয় আকাশ দাস । জেষ্ঠ ভাতৃ লক্ষ্মীনাথ দাসে সমগ্ৰ ষ্টেচনত ভায়েকক বিচাৰি চলাথ কৰে ষদিও কোনো সন্ধান পাবলৈ সক্ষম নহ'ল ৷ ইফালে লক্ষীনাথে ভাতৃ আকাশ সন্ধানহীন হোৱা কথা পৰিয়ালক জনোৱাৰ পিছতে উদ্বিগ্ন হৈ পৰা পৰিয়ালৰ কেইবাজনো লোকে উৰিষ্যাৰ ভদ্ৰা ষ্টেচনত উপস্থিত হৈ স্থানীয় আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ লগতে আকাশৰ সন্ধান কৰে যদিও বিফল হৈ ঘুৰি আহি শিৱসাগৰ সদৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে । উল্লেখ্য যে, ৰেলত গৈ থকা অৱস্থাত আকাশৰ মোবাইল ফোনৰ বেটাৰীত চাৰ্জ নথকাৰ বাবে মোবাইলটো বন্ধ আছিল যাৰ বাবে সেই সময়ত আকাশৰ সৈতে যোগাযোগ সম্ভৱ হোৱা নাছিল । কিন্তু আজি 24 দিনে আকাশৰ মোবাইলটো বন্ধ হৈ থকাৰ লগতে আকাশৰ কোনো সূংসুত্ৰ লাভ নকৰাত পৰিয়ালটোৱে অজান আশংকাত ভুগিছে ।আনহাতে শিৱসাগৰ আৰক্ষীয়েও আকাশৰ কোনো শুংসুত্ৰ লাভ কৰিবলৈ সক্ষম নোহোৱাত উদ্বিগ্ন হৈ পৰিছে পৰিয়ালৰ লোক । যদি কোনো লোকে আকাশ দাসৰ সন্ধান লাভ কৰে নিকটৱৰ্তী আৰক্ষী চকী অথবা ৬০০১০ ৮৫৩৭৫ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ।