সন্তানসহ আলফাৰ মুখ্য কাৰ্যালয়ৰ পৰা ওলাই আহিল দুৰ্ধৰ্ষ মহিলা কেডাৰ - শিৱসাগৰ
ম্যানমাৰৰ পৰিস্থিতি বৰ্তমান ভাল নহয়, আলফাৰ মুখ্য কাৰ্যালয়ৰ পৰা ওলাই আহিল দুৰ্ধৰ্ষ কেডাৰ, বাৰ্মিজ আৰ্মীৰ আক্ৰমণৰ পিচতে আলফাৰ শিবিৰত এতিয়া চলিছে বেয়া দিন ৷
শিৱসাগৰ, 21 চেপ্তেম্বৰঃ সঘনে স্থান সলনি হয় আলফাৰ শিবিৰৰ ৷ ভাৰত চৰকাৰৰ মতে আলফা স্বাধীন দুৰ্বল যদিও এতিয়াও শক্তিশালী স্থিতিত আছে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীন ৷ ম্যানমাৰৰ ঘন হাবিৰ পৰা নিয়ন্ত্ৰণ কৰি আছে আলফাৰ কাম কাজ ৷ অসমত এতিয়াও চলি আছে আলফা স্বাধীনৰ কাম কাজ ৷ এই কথা আমাৰ নহয় ৷ ম্যানমাৰৰ ঘন অৰণ্যৰ পৰা মূলসূতিলৈ ওলাই অহা এগৰাকী আলফা স্বাধীনৰ কেডাৰৰ বিস্ফোৰক স্বীকাৰোক্তি ৷ বৰ্তমান আলফা স্বাধীনৰ সামগ্ৰিক পৰিস্থিতিৰ বিষয়ে মুখ খুলিছে এইগৰাকী আলফা স্বাধীনৰ কেডাৰে ৷ আলফা নেতা ৰূপান্তৰ কাকতিৰ পৰিবাৰ আলফা কেডাৰ মাজনী দাস ওৰফে ধৰিত্ৰী অসমে স্বামী ঢুকুৱাৰ পিচতে ম্যানমাৰৰ পৰা ঘূৰি আহিছে ঘৰলৈ ৷ ২০১৩ চনৰ ১০ ফেব্ৰুৱাৰীত আলফাত যোগদান কৰা মাজনী দাস ওৰফে ধৰিত্ৰী অসম বহু বছৰ ধৰি আলফা স্বাধীনৰ মুখ্য কাৰ্যালয়ত প্ৰচাৰ গোটত কাৰ্যনিৰ্বাহ কৰি আহিছিল ৷ তেওঁৰ মতে সম্প্ৰতি আলফা স্বাধীনৰ আৰ্থিক অৱস্থা ভাল নহয় ৷