শিৱসাগৰ, 14 জানুৱাৰী :শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ পদূলিত মাঘ বিহুৰ দিনাই ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ জাতিধ্বংসী "কা" বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে সংগঠনটোৱে ৷
শিৱসাগৰত "কা" বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ - sivsagar protest
মাঘ বিহুৰ দিনাই ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ পদূলিত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ "কা" বাতিল আৰু অখিলৰ মুক্তিৰ দাবীত এই প্ৰতিবাদ সংগঠনকেইটাৰ ৷
শিৱসাগৰত "কা" বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ
কৃষক নেতা অখিল গগৈ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ কাৰাৰুদ্ধ হৈ থকাৰ অভিযোগ উত্থাপন কৰি অখিল গগৈৰ মুক্তি আৰু জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সংগঠনটোৱে ৮ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ ঐতিহাসিক ৰংঘৰৰ পদূলিত পুৱাৰ পৰাই আৰম্ভ হৈছে এই প্ৰতিবাদী কাৰ্যসুচী ৷
তদুপৰি ঐতিহাসিক ৰংঘৰৰ পদূলিৰ পৰাই "কা" বাতিল আৰু অখিলৰ মুক্তিৰ বাবে সৰ্ববৃহৎ আন্দোলনৰ বাবে অসমবাসীৰ প্ৰতি আহ্বান জনাইছে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক: অসমবাসীক মাঘ বিহুৰ শুভেচ্ছা জনালে হৃত্বিক ৰৌছনে