শিৱসাগৰ, 12 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বৃহস্পতিবাৰেও উত্তাল হৈ থাকে শিৱসাগৰ ৷ বৃহস্পতিবাৰে পুৱা শিৱসাগৰ নগৰৰ দ'লমুখ, ষ্টেচন চাৰিআলি, জেঙনিকটীয়া, বাবুপট্টি, ৰংঘৰ চাৰিআলিৰ লগতে বিভিন্ন স্থানত কেব কোনোপধ্যে মানি নোলোৱাৰ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদী জনতাই । একাধিক স্থানত প্ৰতিবাদকাৰীয়ে টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ ইফালে জিলা প্ৰশাসনে আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে সমগ্ৰ জিলাখনত অতিৰিক্ত নিৰাপত্তাৰ ব্যৱস্থা কৰিছে । শিৱসাগৰ নগৰৰ প্ৰায় প্ৰতিটো চুবুৰী, চাৰিআলিত নিৰাপত্তা বাহিনীৰ জোৱান নিয়োজিত কৰিছে প্ৰশাসনে ।
১৪ ডিচেম্বৰলৈ শিৱসাগৰত বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান - শিৱসাগৰ
নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে শিৱসাগৰৰ বিভিন্ন স্থানত অব্যাহত আছে প্ৰতিবাদ ।
বিভিন্ন দল সংগঠনৰ ধাৰাবাহিক প্ৰতিবাদৰ ফলত আজি শিৱসাগৰ নগৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী কাৰ্যালয় বন্ধ থাকে । অ' এন জি চিৰ স্বাভাৱিক কাম কাজ ব্যাহত হোৱাৰ লগতে ৰেল সেৱা বাতিল কৰাত জিলা খনৰ সৈতে বৰ্হি বিশ্বৰ সংযোগ প্রায় বিচিন্ন হৈ পৰে । সোমবাৰৰ পৰা ধাৰাবাহিক বন্ধৰ বাবে নৈশ বাছ সেৱাও জিলাখনত বন্ধ হৈ আছে । সমান্তৰালভাৱে বুধবাৰৰ সন্ধিয়া ৭ বজাৰ পৰা জিলাখনত বন্ধ কৰি ৰখা হৈছে মোবাইল ইণ্টাৰনেট সেৱা । শিৱসাগৰ জিলা প্ৰশাসনে জিলাখনত ১৪৪ ধাৰা জাৰী কৰাৰ লগতে ১৪ ডিচেম্বৰলৈ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধৰ ঘোষণা কৰিছে ।