শিৱসাগৰ,২১ ফেব্ৰুৱাৰী:যোৱা ২১ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ডায়ুনৰ পৰা কুইপ নামৰ এটা কোম্পানীত কৰ্মৰত দুজন কৰ্মচাৰী ক্ৰমে শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক আলফা(স্বা) আৰু এনএছচিএনে অপহৰণ কৰি এক বৃহৎ মুক্তিপণ দাবী কৰিছিল । কিন্তু এতিয়ালৈ এই ক্ষেত্ৰত উক্ত প্ৰতিষ্ঠান তথা অসম চৰকাৰৰ নিৰৱ ভুমিকাকলৈ ৰাজ্য ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে । বিভিন্ন দল সংগঠনে কৰ্মচাৰী দুজনক অতি শীঘ্ৰে মুক্তি দিবলৈ আলফা(স্বা)ক দাবী জনোৱা দেখা গৈছে । ইয়াৰ মাজতে অপহৃত প্ৰণৱ কুমাৰ গগৈৰ গৃহ জিলা শিৱসাগৰতো বহু দল-সংগঠনে তেওঁৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে ।
প্ৰণৱ গগৈৰ মুক্তিৰ দাবীত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ মানৱ শৃংখল - সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে
অপহৃত প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰৰ মুক্তিৰ দাবীত শিৱসাগৰত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে । কুইপ প্ৰতিষ্ঠান আৰু অসম চৰকাৰক অতি শীঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই সংগঠনটোৱে । লগতে ব্যক্তি দুগৰাকীক কোনো ক্ষতি নকৰাকৈ মুক্তি কৰি দিবলৈ আলফা(স্বা)ক আহ্বান জনাই সংগঠনটোৱে ।

প্ৰণৱ গগৈৰ মুক্তিৰ দাবীত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ মানৱ শৃংখল
প্ৰণৱ গগৈৰ মুক্তিৰ দাবীত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ মানৱ শৃংখল
দেওবাৰে শিৱসাগৰ নগৰৰ শিৱদৌলৰ সন্মুখত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে দুই অপহৃতৰ মুক্তিৰ দাবীত এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে । হাতে হাতে প্লেকাৰ্ড লৈ প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰৰ মুক্তিৰ দাবী জনাই সংগঠনটোৱে অসম চৰকাৰক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় । আনহাতে কুইপ কোম্পানীৰ কৰ্তৃপক্ষক তেওঁলোকৰ কৰ্মচাৰীৰ দায়িত্ব গ্ৰহণৰো আহবান জনাই সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ নেতা দেৱজিৎ দত্তই ।
লগতে পঢ়ক:ক'ভিড প্ৰতিষেধক লৈ মহিলাৰ মৃত্যু