অসম

assam

By

Published : Aug 22, 2020, 6:15 PM IST

ETV Bharat / state

প্ৰতিবাদকাৰীৰ ৰূপ দেখি পলায়ন সত্যৰঞ্জন বৰাৰ

শনিবাৰে শিৱসাগৰ নগৰৰ মাজ মজিয়াৰ দলমুখ চাৰিআলিত সত্যৰঞ্জন বৰা বিৰোধী বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ শিৱসাগৰত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্টা নকৰিবলৈ সকীয়নি দল সংগঠনৰ ৷

Sivsagar protest against Satyaranjan Borah
শিৱসাগৰত সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে প্ৰতিবাদ

শিৱসাগৰ, 22 আগষ্টঃ সাম্প্ৰদায়িক মন্তব্যৰে সমাজত বিষবাষ্প বিয়পোৱা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে শিৱসাগৰত বিভিন্ন দল-সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ ৷ কিছুদিনৰ পূৰ্বে তেখেতে মুছলমান সকলৰ মুখত ঘুচিওৱাৰ যি মন্তব্য কৰিছিল তাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসম যুৱ ছাত্ৰ সন্মিলন, লাচিত সেনা, উজনি অসম কল্যান পৰিষদ ৷

শিৱসাগৰত সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে প্ৰতিবাদ

উল্লেখ্য যে, শনিবাৰে শিৱসাগৰত গোপনে সভাত অংশগ্ৰহণ কৰাৰ বাবে উপস্থিত হৈছিল সত্যৰঞ্জন বৰা ৷ তেখেতক বিচাৰি বিভিন্ন দল সংগঠনে সভাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই সেই স্থান ত্যাগ কৰাৰ অভিযোগ প্ৰতিবাদকাৰীসকলৰ ৷ ইয়াৰ বিৰুদ্ধে শনিবাৰে শিৱসাগৰ নগৰৰ মাজ মজিয়াৰ দলমুখ চাৰিআলিত সত্যৰঞ্জন বৰা বিৰোধী বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ শিৱসাগৰত কোনো কাৰণতে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্টা নকৰিবলৈ সকীয়নি প্ৰতিবাদকাৰীসকলৰ ৷

আনহাতে, বৰাৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানত এজাহাৰ দিয়াৰ পাছতো তেখেতক গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে সুৰক্ষা প্ৰদান কৰি অহা বুলি অভিযোগ উত্থাপন কৰি আহিছে প্ৰতিবাদকাৰীসকলে ৷

লগতো পঢ়ক-স্বগোষ্ঠীয় নেতাইহে ঠগিছে চাহ জনগোষ্ঠীকঃ ৰাজু চাহুৰ বিস্ফোৰণ

ABOUT THE AUTHOR

...view details