শিৱসাগৰ, 29 ডিচেম্বৰ :পশুধনৰ সৰবৰাহ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে প্ৰণয়ন কৰিছে আইন ৷ তাৰপিছতো কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে গৰু-ম'হৰ চোৰাং বেহা ৷ সোমবাৰে নিশা শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত চলোৱা এক অভিযানত দিচাংমুখৰ পৰা প্ৰায় ৭ টা চুৰি গোনা ম'হ উদ্ধাৰ কৰা হয় ৷ ঘটনাৰে জড়িত পাঁচটা চোৰক ইতিমধ্যে আটক (Buffalo thief arrested in Sivasagar) কৰে আৰক্ষীয়ে ৷
আৰক্ষীৰ এই অভিযানৰ পিছতে জিলাখনত চলি থকা গৰু-ম'হৰ চোৰাং বেহাৰ বহু তথ্য পোহৰলৈ আহে ৷ বৰ্তমান এই ঘটনাৰ লগত জড়িত পাঁচটা চোৰ ক্ৰমে মৰিগাঁৱৰ মহম্মদ আজাহুদ্দিন আহমেদ (৩৪), মহম্মদ মহিদুল আলী (২৮), মহম্মদ হিপজুৰ ৰহমান (২৯), শিৱসাগৰ ডিমৌমুখৰ ছফিকুল আলী (৪৫) আৰু শিৱসাগৰ হনুমান মন্দিৰৰ সমীপৰ ৰাজেশ কুমাৰ মাহাতো(৩৬) বুলি জানিব পৰা গৈছে ৷ বিগত বহুদিন ধৰি গৰু-ম'হৰ চোৰাং বেহাৰ লগত জড়িত আছিল পাঁচজনীয়া চোৰৰ দলটো ৷