শিৱসাগৰ, 20 মাৰ্চ: শিৱসাগৰবাসীৰ নিদ্ৰাহৰণ কৰা বদং বাহিনী অৱশেষত পৰিল আৰক্ষীৰ জালত ৷ বদঙৰ পাঁচ সহযোগী ডকাইতক আটক কৰিলে শিৱসাগৰ আৰক্ষীয়ে (Sivsagar Police arrested most wanted gang Bandang Bahini) ৷ জানিব পৰা মতে, শিৱসাগৰ আৰক্ষীয়ে শনিবাৰে নিশা বামুণবাৰী বাগানত আত্মগোপন কৰি থকা অৱস্থাত সহযোগী ডকাইত পাঁচটাক আটক কৰে ৷
বিগত ২৮ ফেব্ৰুৱাৰীৰ নিশা শিৱসাগৰৰ পোনজান পথত সংঘটিত ডকাইতি কাণ্ডত জড়িত আছিল এই ডকাইতৰ দলটো ৷ ডকাইতৰ দলটোত আছে ক্ৰমে জাপিসজীয়া গাঁৱৰ নিৱাসী ইকৰাম আলী ওৰফে বদং, চামচুল আলী, জালালউদ্দিন আহমেদ, আখতাৰ হুছেইন আৰু নেবুল হুছেইন ওৰফে ফেঁটী ৷ উক্ত ডকাইতৰ দলটোৰ নেতৃত্ব বহন কৰিছিল বাবা লাহন আৰু আৰিফ খানে ৷