অসম

assam

By

Published : Jan 19, 2021, 5:34 PM IST

ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ আগমনক লৈ প্ৰস্তুতি তুংগত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিৱসাগৰ আগমনক লৈ তৎপৰ হৈ পৰিছে শিৱসাগৰ জিলা প্ৰশাসন। শিৱসাগৰৰ জেৰেঙা পথাৰত দেখা গৈছে প্ৰশাসনৰ লগতে বিজেপি দলৰ ব্যাপক তৎপৰতা।

sivsagar-pm-visit
প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ আগমনক লৈ প্ৰস্তুতি তুংগত

শিৱসাগৰ, 19 জানুৱাৰী :২৩ জানুৱাৰীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিৱসাগৰ আগমনক লৈ তৎপৰ হৈ পৰিছে শিৱসাগৰ জিলা প্ৰশাসন। এক লাখ ভূমিহীন লোকক মাটি পট্টা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী। সেই সূত্ৰে শিৱসাগৰৰ জেৰেঙা পথাৰত দেখা গৈছে প্ৰশাসনৰ লগতে বিজেপি দলৰ ব্যাপক তৎপৰতা। চৰকাৰী বিভাগ সমূহৰ তত্বাৱধানত জেৰেঙা ক্ষেত্ৰত ৩ খন হেলিপেড, এটা সংযোগী পথ,লক্ষাধীক লোক উপস্থিত থাকিব পৰা বহৎ মণ্ডপ, পাৰ্কিং, প্ৰসাৱগাৰ আদিকে কৰি এক ব্যাপক প্ৰস্তুতি সম্পন্ন কৰা হৈছে ।

প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ আগমনক লৈ প্ৰস্তুতি তুংগত

ইতিমধ্যে সকলো কাম প্ৰায় ৮০ শতাংশ সম্পূৰ্ণ হোৱাৰ লগতে বাকী থকা কাম মঙলবাৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব বুলি প্ৰশাসনৰ তৰফৰ পৰা জানিব পৰা গৈছে। উজনি অসমৰ বহু কেইজন বিধায়ক, সাংসদ, জিলা প্ৰশাসনৰ প্ৰতিনিধি, লোক নিৰ্মাণ-জনস্বাস্থ্য কাৰিকৰী-পৰিবহণ-আৰক্ষী-স্বাস্থ্য আদি বিভাগ সমূহৰ উচ্চ বৰ্গৰ বিষয়া সকলক লগত লৈ আজি অগ্ৰগতিৰ খতিয়ান লব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । যাৰ বাবে মঙলবাৰে জেৰেঙা পথাৰত দেখা গৈছে বহু সংখ্যক লোকৰ ভিৰ ।

প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ আগমনক লৈ প্ৰস্তুতি তুংগত
ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট লোক সভা সমষ্টিৰ সাংসদ তথা অসম বিজেপিৰ সাধাৰণ সম্পাদক তপন কুমাৰ গগৈ আদিকে কৰি বিজেপি দলৰ শীৰ্ষ নেতাই প্ৰধানমন্ত্ৰীৰ আগমন উপলক্ষে হোৱা প্ৰস্তুতিৰ বুজ লয় ।
প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ আগমনক লৈ প্ৰস্তুতি তুংগত

আনহাতে ভাৰতৰ প্ৰধানমন্ত্ৰী উপস্থিত থাকিবলগীয়া এক চৰকাৰী অনুষ্ঠানত বিজেপি দলৰ বাদে আন দল সমূহৰ প্ৰতিনিধি সকলৰ অনুপস্থিতি দুৰ্ভাগ্যজনক বুলি সাংসদ তাছাই উল্লেখ কৰে । বিজেপি নেতৃত্বাধীন সোণোৱাল চৰকাৰে কৰি থকা উন্নয়ণমূলক কাম সমূহ কেৱল বিজেপি সমৰ্থকৰ বাবে নহয় বৰঞ্চ সমগ্ৰ অসমৰ ৰাইজৰ বাবে, যাৰ বাবে সভাখনত সমূহ ৰাইজৰ উপস্থিতি কামনা কৰা হৈছে ।
লগতে পঢ়ক: গণতন্ত্ৰ দিৱস উপলক্ষে দিল্লীত নিচ্ছিদ্ৰ নিৰাপত্তা বেষ্টনী

ABOUT THE AUTHOR

...view details