অসম

assam

By

Published : Nov 30, 2020, 8:35 PM IST

ETV Bharat / state

অ'এনজিচিৰ বাবেই দুশ বিঘা ধানখেতি নষ্ট হোৱাৰ অভিযোগ

এতিয়া আঘোণৰ পথাৰৰ সোণগুটি চপোৱাৰ সময়। চহা কৃষকে শাওণৰ পথাৰত মূৰৰ ঘাম মাটিত পেলাই কৰা কষ্ট এতিয়া সোণোৱালী হৈ জিলিকিছে পথাৰত। কৃষকৰ সপোনবোৰ পূৰ্ণতা পোৱাৰ সময় সমাগত। কান্ধত বিৰিয়াৰ ভাৰ লৈ মেটমৰা দাঙৰিয়ে ভৰাল শুৱনি কৰাৰ সময়েই হৈছে এই আঘোণ।

sivsagar-paddy-field-story
অএনজিচিৰ বাবেই দুশবিঘা ধানখেতি নষ্ট হোৱাৰ অভিযোগ

শিৱসাগৰ, 30 নৱেম্বৰ : এতিয়া আঘোণৰ পথাৰৰ সোণগুটি চপোৱাৰ সময়। চহা কৃষকে শাওণৰ পথাৰত মূৰৰ ঘাম মাটিত পেলাই কৰা কষ্ট এতিয়া সোণোৱালী হৈ জিলিকিছে পথাৰত। কৃষকৰ সপোনবোৰ পূৰ্ণতা পোৱাৰ সময় সমাগত। কান্ধত বিৰিয়াৰ ভাৰ লৈ মেটমৰা দাঙৰিয়ে ভৰাল শুৱনি কৰাৰ সময়েই হৈছে এই আঘোণ।

অএনজিচিৰ বাবেই দুশবিঘা ধানখেতি নষ্ট হোৱাৰ অভিযোগ

কিন্তু, এই দৃশ্যপটৰ সম্পূৰ্ণ বিপৰীত দৃশ্য দেখা পোৱা গৈছে শিৱসাগৰৰ মেটেকা কোৰুলাকটীয়া অঞ্চলৰ প্ৰায় পাঁচখন গাঁৱত । বৃহত্তৰ মেটেকা অঞ্চলৰ হালোৱা গাঁও, মাজ গাঁও, পানীচকী গাঁও, বগীদ'ল বিৰিঙাণি গাঁও আৰু বগীদ'ল ভকত গাঁও এই পাঁচখন গাৱৰ কৃষকৰ প্রায় দুশবিঘা মাটিৰ ধানখেতি নষ্ট হোৱাৰ দিশে। যাৰ ফলত এতিয়া মূৰে কপালে হাত দি বহি পৰিছে কৃষকসকল।

উল্লেখ যে, অ'এনজিচিয়ে স্থাপন কৰা মেটেকাৰ কোৰুলাকটীয়াত চি এচ এ আৰ তেলখাটৰ পাঁচবিঘা যোৰ মাটিৰ তিনিটা পুখুৰীৰ পানী স্থানীয় পথাৰত এৰি দিয়াৰ বাবে পকাধান নষ্ট হোৱাত কৃষকসকলৰ যথেষ্ট ক্ষতিসাধন হৈছে। অ'এনজিচিৰ মৌখিক আৰু লিখিত অভিযোগ দিয়াৰ পাছতো আজি পৰ্য্যন্ত কৃষকসকলে কোনো ধৰণৰ সমাধান পোৱা নাই ফলত ক্ষোভিত হৈ উঠিছে কৃষক ৰাইজ। খেতি চপোৱাৰ সময়ত কৃষকৰ ওপৰত এনে মাধমাৰ সুধোৱা অ'এনজিচিৰ এনে কর্মই এতিয়া বিভান্তিমূলক আৰু অনিশ্চয়তাৰ মাজত আৱদ্ধ হৈ পৰিছে কৃষকসকল।

লগতে পঢ়ক :শীঘ্ৰেই অসমত সংযোজন হ’ব ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান

ABOUT THE AUTHOR

...view details