অসম

assam

ETV Bharat / state

নন্দিতা শইকীয়াৰ ন্যায়ৰ দাবীৰে শিৱসাগৰত ঐক্য সেনা অসমৰ প্ৰতিবাদ - ঐক্য সেনা অসমৰ প্ৰতিবাদ

মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াক বৰ্বৰভাৱে আক্ৰমণ কৰি মৃত্যুমুখলৈ ঠেলি দিয়া ৰিণ্টু শৰ্মাৰ ফাঁচীৰ দাবীৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ ঐক্য সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ । এই সন্দৰ্ভত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ স্মৰক পত্ৰ প্ৰেৰণ কৰিছে সংগঠনটোৱে ।

Sivsagar Oikya Sena protest demanding justice for Nandita
নন্দিতা শইকীয়াৰ ন্যায়ৰ দাবীৰে শিৱসাগৰত ঐক্য সেনা অসমৰ প্ৰতিবাদ

By

Published : Aug 26, 2021, 3:46 PM IST

শিৱসাগৰ, ২৬ আগষ্ট: ধেমাজিৰ মৰিঢল মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুৰ পিছতে ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছে । নন্দিতাৰ ন্যায়ৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰাইজ আৰু জাতীয় সংগঠনবোৰে । নন্দিতাক মৃত্যুমুখলৈ ঠেলি দিয়া ৰিণ্টু শৰ্মাৰ কঠোৰ শাস্তিৰ দাবী জনাইছে সকলোৱে । বৃহস্পতিবাৰে শিৱসাগৰত ঐক্য সেনা অসমৰ কৰ্মকৰ্তাসকলে এঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিয়ে দিনৰ ১০.৩০ বজাৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপাায়ণ কৰে । ৰিণ্টু শৰ্মাৰ ফাঁচীৰ দাবীৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে সংগঠনৰ সদস্যসকলে । উক্ত ধৰ্মঘট কাৰ্যসূচীত নাৰীৰ সুৰক্ষাৰ দিশটোত গুৰুত্বত দিবলৈ সংগঠনটোৱে চৰকাৰক আহ্বান জনায় । হাতে হাতে প্লে'কার্ড লৈ বিভিন্ন শ্ল'গানেৰে প্রতিবাদস্থলী উত্তাল কৰে সংগঠনৰ কৰ্মকৰ্তাসকলে ।

নন্দিতা শইকীয়াৰ ন্যায়ৰ দাবীৰে শিৱসাগৰত ঐক্য সেনা অসমৰ প্ৰতিবাদ

ঐক্য সেনা অসমৰ নেতৃত্বই কয় যে, বিজেপি চৰকাৰে এখনৰ পাছত আনখন আইন ৰূপায়ণ কৰি আছে যদিও নাৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত আজিলৈকে এখনো আইন প্ৰণয়ন কৰা নাই । এতিয়া এই ঘটনাৰ বিচাৰ ফাষ্টট্ৰেক আদালতত কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈও সংগঠনৰ কৰ্মকৰ্তাসকলে আহ্বান জনাইছে । লগতে, এই সন্দৰ্ভত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ স্মৰক পত্ৰ প্ৰেৰণ কৰিছে সংগঠনটোৱে ।

উল্লেখ্য যে, যোৱা ২১ আগষ্টত মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়া পথৰ মাজতে ৰিণ্টু শৰ্মাই বৰ্বৰভাৱে আক্ৰমণ কৰিছিল । ৰিণ্টুৱে দাৰে আক্ৰমণ কৰাত নন্দিতাই মূৰত যথেষ্ট আঘাত পাইছিল । সংকটজনক অৱস্থাত নন্দিতাক ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কেইবাদিনো ধৰি মৃত্যুৰে যুঁজি অৱশেষত বিদায় মাগে নন্দিতাই ।

লগতে পঢ়ক:ৰাজ্যৰ ১০ শতাংশ লোকেহে লাভ কৰিছে ক'ভিডৰ দুয়োপালি ভেকচিন

ABOUT THE AUTHOR

...view details