অসম

assam

ETV Bharat / state

OC Kulendra Huzuri suspended : শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ হুজুৰিক নিলম্বন - শৃংখল চলিহাক গ্ৰেপ্তাৰ

নিলম্বিত হ’ল শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ হুজুৰি (Sivsagar OC Kulendra Huzuri suspended) ৷ শিৱসাগৰ জিলাৰ আৰক্ষীৰ অধীক্ষক শুভ্ৰজ্যোতি বৰাই নিশ্চিত কৰিছে হুজুৰিৰ নিলম্বন কথা ৷ অৱশ্যে কি কাৰণে হুজুৰিক নিলম্বন কৰা হ’ল সেয়া এতিয়াও স্পষ্ট কৰা নাই আৰক্ষীয়ে ।

Srinkhal Chaliha arrested again
নিলম্বিত হ’ল শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ হুজুৰি

By

Published : May 4, 2023, 2:23 PM IST

নিলম্বিত হ’ল শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ হুজুৰি

শিৱসাগৰ, ৪ মে’ : এতিয়াও উত্তপ্ত হৈ আছে শিৱসাগৰ জিলা । শৃংখল চলিহাৰ গ্ৰেপ্তাৰ তথা জামিনৰ পাচতে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হয় (Srinkhal Chaliha arrested again)৷ যাকলৈ বিভিন্ন জনে ইতিমধ্যে ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া । ইয়াৰ মাজতে আজি অৰ্থাৎ বৃহস্পতিবাৰে অসম আৰক্ষীয়ে নিলম্বন কৰে শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ হুজুৰিক (Sivsagar OC Kulendra Huzuri suspended)। হুজুৰিৰ নিলম্বন শিৱসাগৰ জিলাৰ আৰক্ষীৰ অধীক্ষক শুভ্ৰজ্যোতি বৰাই নিশ্চিত কৰিছে যদিও কি কাৰণে তেওঁক নিলম্বন কৰা হ’ল সেয়া স্পষ্ট কৰা নাই ।

শিৱসাগৰ আৰক্ষীয়ে হুজুৰিৰ নিলম্বন সন্দৰ্ভত কোনো কাৰণ প্ৰদৰ্শন নকৰিলেও বিশেষ সূত্ৰৰ পৰা লাভ কৰা হৈছে এই নিলম্বনৰ আঁৰৰ কাৰণ । শিৱসাগৰ সদৰ থানাত শৃংখল চলিহাৰ বিৰুদ্ধে যোৱা ১ মে’ তাৰিখে ৰুজু হোৱা ৬৩/২৩ নম্বৰৰ গোচৰত চলিহাই জামিন লাভ কৰাৰ বাবেই শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হুজুৰিক নিলম্বন কৰা হয় বুলি সূত্ৰটোৱে জানিব দিয়ে ।

লগতে পঢ়ক :Srinkhal Chaliha arrested: শৃংখল চলিহাক শীঘ্ৰে মুক্তি দিয়াৰ দাবী অখিল গগৈৰ

অৰ্থাৎ শৃংখল চলিহাক উক্ত গোচৰত কাৰাৰুদ্ধ কৰিব নোৱাৰাৰ বাবেই হুজুৰি অসম আৰক্ষীৰ ৰোষৰ বলি হ’ব লগা হ’ল । উল্লেখযোগ্য যে, শিৱসাগৰ সদৰ থানাত অংকুশ কেডিয়া নামৰ এজন ব্যৱসায়ীয়ে যোৱা ২৮ এপ্ৰিল তাৰিখে শৃংখল চলিহাই বিহুৰ চান্দা বিচাৰি গৈ তেওঁৰ মুখত থু পেলোৱা বুলি ১ মে’ তাৰিখে এজাহাৰ দাখিল কৰিছিল ।

উক্ত এজাহাৰৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে ৬৩/২৩ নম্বৰৰ এক গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডাবিধি আইনৰ ধাৰা ৪৪৭/৩৮৪/৩৫২/৪২৬/২৭০/২৯৪/৫০৫/৩৪০ ৰ আধীনত ২ মে’ তাৰিখৰ পুৱা শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰে । কিন্তু উক্ত দিনাই আদালতে শৃংখল চলিহাক জামিন প্ৰদান কৰে (Srinkhal Chaliha arrested For Extortion) ৷

লগতে পঢ়ক :Protest in Sivasagar: শৃংখল চলিহাক গ্ৰেপ্তাৰ জাতি সত্বাক মষিমূৰ কৰাৰ এক অংশ; প্ৰতিবাদকাৰীৰ দাবী

ABOUT THE AUTHOR

...view details