অসম

assam

ETV Bharat / state

শিৱসাগৰত হেলমেট কিনিবলৈ গ্ৰাহকৰ হেতা-ওপৰা, আচলতে হৈছে কি ? - কৰ্মচাৰী

শিৱসাগৰ জিলা প্ৰশাসনৰ উল্লেখনীয় পদক্ষেপ, জিলাখনৰ তেল ডিপোত এতিয়াৰে হেলমেট অবিহনে নাপাব তেল । দুৰ্ঘটনা ৰোধৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰিছে

দুৰ্ঘটনা ৰোধৰ বাবে তৎপৰ শিৱসাগৰ জিলা প্ৰশাসন

By

Published : Jun 22, 2019, 8:55 PM IST

শিৱসাগৰ,২২জুন : শিৱসাগৰ জিলাত পথ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে জিলা প্ৰশাসনৰ বিশেষ ব্যৱস্থা । ডিপোৱে ডিপোৱে হাহাকাৰ । হেলমেটৰ দোকানত ক্ৰেতাৰ ভীৰ ।

দুৰ্ঘটনা ৰোধৰ বাবে তৎপৰ শিৱসাগৰ জিলা প্ৰশাসন

পথ নিৰাপত্তা সুনিশ্চিত কৰিবৰ অৰ্থে শিৱসাগৰ জিলা প্ৰশাসনৰ বিশেষ ব্যৱস্থা । হেলমেট পৰিধান নকৰা লোকক ইন্ধন প্ৰদান নকৰিবলৈ তেল ডিপোসমূহলৈ জাননী । যাৰ বাবে শনিবাৰে দুচকীয়া চালকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

দুৰ্ঘটনা ৰোধৰ বাবে তৎপৰ শিৱসাগৰ জিলা প্ৰশাসন

সমগ্ৰ উত্তৰ পূৱৰ ভিতৰতে অসমত সৰ্বাধিক লোকৰ মৃত্যু হয় পথ দূৰ্ঘটনাত । বিগত তিনি বছৰত অসমত পথ দুৰ্ঘটনাত মৃত্যু হৈছিল প্ৰায় ৮০০০ লোক । বিগত ২০১৬-১৭ আৰু ২০১৮ চনত পথ দুৰ্ঘটনাৰ বাবে প্ৰতিবছৰে ২৫০০ৰৰো অধিক লোকৰ মৃত্যু হৈছিল । এনে পৰিস্থিতিত অসম চৰকাৰে দুৰ্ঘটনা আৰু দুৰ্ঘটনাগ্ৰস্থত হতাহতৰ সংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। তদুপলক্ষে শিৱসাগৰ জিলা প্ৰশাসনে দুচকীয়া বাহন চালকসকলে হেলমেট পৰিধান কৰা বাধ্যতামূলক কৰিবলৈ হাতত লৈছে এক বিশেষ পদক্ষেপ । জিলা উপায়ুক্তই শিৱসাগৰ জিলাৰ ২৯ টা তেল ডিপোলৈ এক জাননী প্ৰেৰণ কৰি হেলমেট পৰিধান নকৰা সকলক ইন্ধন প্ৰদান নকৰিবলৈ আহ্বান জনাইছে । ফলত দুদিনৰ ভিতৰতে দুচকীয়া বাহন চলোৱাসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

দুৰ্ঘটনা ৰোধৰ বাবে তৎপৰ শিৱসাগৰ জিলা প্ৰশাসন


দুচকীয়া বাহনৰ চালক আনহাতে একাংশ তেল ডিপোৰ কৰ্তৃপক্ষই জিলা প্ৰশাসনৰ এই জাননী লাই কৰি কেৱল ধন ঘটাৰ স্বাৰ্থত হেলমেট পৰিধান নকৰা লোকক ইন্ধন প্ৰদান কৰিছে । ইয়াৰ বিপৰীতে আকৌ একাংশ লোকে হেলমেট পৰিধান নকৰিলে ইন্ধন দিয়া নহ'ব বুলি জানি তেল ডিপোৰ সাধাৰণ কৰ্মচাৰীক দাবী-ধমকি দিয়াৰ লগতে শাৰীৰিক ভাৱে প্ৰহাৰ কৰিবলৈ উদ্যত হয় ।

তেল ডিপোৰ কৰ্মচাৰী,জিলা প্ৰশাসনৰ এনে ব্যৱস্থাৰ ফলত হেলমেট পৰিধান নকৰা সকলে বাধ্য হৈ হেলমেট ব্যৱহাৰ কৰিব লৈছে।ফলত হেলমেট বিক্ৰী প্ৰতিষ্ঠানত দেখা গৈছে ক্ৰেতাৰ ভীৰ

দুৰ্ঘটনা ৰোধৰ বাবে তৎপৰ শিৱসাগৰ জিলা প্ৰশাসন

ABOUT THE AUTHOR

...view details