অসম

assam

ETV Bharat / state

শিৱসাগৰত আছুৰ মুকলি বিহু আয়োজন

শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ মুকলি বিহুৰ আয়োজন

By

Published : Apr 16, 2019, 5:44 PM IST

শিৱসাগৰত আছুৰ মুকলি বিহু আয়োজন

শিৱসাগৰ,১৬ এপ্ৰিলঃ উদুলি মুদুলি হৈ উঠিছে শিৱসাগৰ বৰ্ডিং খেলপথাৰ। সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আজি শিৱসাগৰ নগৰৰ বৰ্ডিং খেল পথাৰত আয়োজন কৰা হয় মুকলি বিহুৰ । পুৱা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ অনুষ্ঠানৰ পাছত সম্বৰ্ধনা আৰু জ্যেষ্ঠ জনৰ আশীৰ্বাদ গ্ৰহণ কৰা হয়। ইয়াৰ পাছতে শিৱসাগৰ জিলাৰ উপায়ুক্ত এছ লক্সমনে মুকলি বিহু আনুষ্ঠানিক ভাৱে মুকলি কৰে। প্রতিকূল বতৰৰ বাবে নিৰ্ধাৰিত সময়তকৈ কেইবাঘণ্টা পলমকৈ অনুষ্ঠিত হোৱা বিহুৰ অনুষ্ঠানত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ লগতে বহু কেইটা খ্যাতনামা দলে বিহু হুঁচৰি পৰিৱেশন কৰে। মুকলি বিহু উপলক্ষে প্ৰকাশিত স্মৃতি গ্ৰন্থ গুমচেঙ উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ গড়গাঁও কলেজৰ অধ্যক্ষ সব্যসাচী মহন্তই। মুকলি বিহু অনুষ্ঠানতে নগেন শইকীয়া,চন্দ্ৰেশৰ বৰুৱা আৰু অৰুন্ধতী মহন্তক ছাত্ৰ সংগঠন টোৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

শিৱসাগৰত আছুৰ মুকলি বিহু আয়োজন

ABOUT THE AUTHOR

...view details