অসম

assam

ETV Bharat / state

শিৱসাগৰত ব্যক্তিগত চিকিৎসালয়ৰ হেমাহিত প্ৰাণ গ'ল এজনৰ - শিৱসাগৰত ব্যক্তিগত চিকিৎসালয়ৰ হেমাহিত প্ৰাণ গ'ল এজনৰ

যি সময়ত স্বয়ং শিৱসাগৰ জিলা প্ৰশাসনে নিশা জৰুৰীকালীন চিকিৎসা প্ৰদানৰ বাবে আদেশ জাৰি কৰিছে তেনে সময়ত নিজৰ মইমতালি দেখুৱাই ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহে ৰাইজক চিকিৎসা প্ৰদানৰ পৰা বিৰত আছে। এনে পৰিস্থিতিত জিলা প্ৰশাসনে কেৱল আদেশ জাৰি কৰি দায়িত্ব সামৰা বুলি অভিযোগ উত্থাপন কৰে ৰাইজে।

ব্যক্তিগত চিকিৎসালয়ৰ হেমাহিত প্ৰাণ গ'ল এজনৰ

By

Published : Nov 14, 2019, 11:50 PM IST

শিৱসাগৰ, 14 নৱেম্বৰ: শিৱসাগৰ জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশনাৰ পাচতো গা লৰা নাই ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ ৷ মৃত ৰোগীৰ পৰিয়ালৰ অভিযোগ জিলাখনৰ দুখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে বুধবাৰে নিশা জৰুৰীকালীন চিকিৎসা প্ৰদান নকৰাৰ ফলত মৃত্যু হয় কুটুবুদ্দিন আহমেদ নামৰ এজন লোকৰ।

ব্যক্তিগত চিকিৎসালয়ৰ হেমাহিত প্ৰাণ গ'ল এজনৰ

চলিত বৰ্ষৰ ১৯ অক্টোবৰ তাৰিখে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়েDVD/MIS/20/2019/14 আদেশ যোগে শিৱসাগৰ নগৰৰ সকলো ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ক নিশা চিকিৎসালয় খুলি ৰখাৰ লগতে এজন নৈশ চিকিৎসক নিয়োগ কৰি নিশা ৰোগীক জৰুৰীকালীন চিকিৎসা প্ৰদান কৰাতো বাধ্যতামূলক কৰে। কিন্তু অতি পৰিতাপৰ বিষয় যে আদেশ জাৰি হোৱাৰ এমাহ নৌহওতেই জিলাখনৰ দুখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ অৱহেলাৰ মৃত্যু হয় এজন লোকৰ।

বুধবাৰে নিশা প্ৰায় নগৰখনৰ ধাইআলিৰ কুটুবুদ্দিন আহমেদ নামৰ এজন লোকৰ বুকুৰ বিষৰ বাবে শ্বাস-প্ৰশ্বাসত কষ্ট হোৱাত ততালিকে কাষৰ বাইপাছৰ প্ৰগতি চিকিৎসালয়লৈনিয়ে যদিও চিকিৎসালয়ৰ দুৱাৰ খুলি নিদিয়ে চিকিৎসালয় কতৃপক্ষই । প্ৰগতিৰ পৰা উভতি পৰিয়ালৰ লোকেৰোগীকঠাকুৰবাৰীৰ শৰ্মা নাৰ্চিং হোমলৈ লৈ যায় যদিও তাতো নিশা কোনো চিকিৎসক নাই বুলি জানিবলৈ দি অন্য চিকিৎসালয়লৈ যোৱাৰ পৰামৰ্শ দিয়ে ৷ ৰোগীৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক হৈ অহাত পৰিয়ালৰ লোকে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ যায় যদিও ইতিমধ্যে আহমেদৰ মৃত্যু হয়।

যি সময়ত স্বয়ং শিৱসাগৰ জিলা প্ৰশাসনে নিশা জৰুৰীকালীন চিকিৎসা প্ৰদানৰ বাবে আদেশ জাৰি কৰিছে তেনে সময়ত নিজৰ মইমতালি দেখুৱাই ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহে ৰাইজক চিকিৎসা প্ৰদানৰ পৰা বিৰত আছে। এনে পৰিস্থিতিত জিলা প্ৰশাসনে কেৱল আদেশ জাৰি কৰি দায়িত্ব সামৰা বুলি অভিযোগ উত্থাপন কৰে ৰাইজে।

লগতে পঢ়কঃচাপৰত PMAY হিতাধিকাৰীৰ দ্বাৰা 31নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

ABOUT THE AUTHOR

...view details