অসম

assam

ETV Bharat / state

চৰকাৰী বিদ্যালয়ৰ দিশে অভিভাৱক !

মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয়খন অন্যান্য বিদ্যালয়সমূহৰ বাবে এক আদৰ্শ, এক নিদৰ্শন । কিয়নো এই বিদ্যালয়খনৰ অনবদ্য অৱদান আৰু গুণগত শিক্ষাই এতিয়াও জীয়াই ৰাখিছে অসমীয়া বিদ্যালয়ৰ মান সন্মান ।

লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন
লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন

By

Published : Jan 5, 2020, 9:46 PM IST

শিৱসাগৰ, 5 জানুৱাৰীঃশিৱসাগৰ নগৰৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱনতসন্তানৰ নামভৰ্ত্তিৰ কৰাবলৈ পুহমহীয়া ঠাণ্ডাত দীঘলীয়া শাৰী পাতিছে অভিভাৱকে ৷ চৰকাৰী বিদ্যালয়খনত সোমবাৰে প্ৰদান কৰিব লগা নামভৰ্ত্তিৰ প্রপত্ৰৰ বাবে শনিবাৰৰ পৰা শাৰী পাতিছে বহু লোকে ৷

ৰাজ্যৰ চৰকাৰী মাধ্যমৰ বিদ্যালয় সমূহৰ শ্মশান যাত্ৰা অব্যাহত থকাৰ সময়তে এই বিদ্যালয়খনত সন্তানৰ নামভৰ্ত্তি কৰাবলৈ হেতা-ওপৰা অভিভাৱকৰ ৷ কাৰণ সততে সমালোচিত হোৱা চৰকাৰী বিদ্যালয় সমূহতকৈ পৃথক এই বিদ্যালয়খন। ব্যক্তিগত মাধ্যমৰ বিদ্যালয় সমূহৰ স'তে পোনপটীয়াকৈ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে এই বিদ্যালয়খন ৷ বিদ্যালয়খনৰ সন্দৰ্ভত সংবাদদাতা অনন্ত স্মিথৰ এক প্ৰতিবেদন..

লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন

লগতে পঢ়ক: জেএনইউ ছাত্ৰ একতা সভা আৰু এবিভিপি সদস্যৰ মাজত প্ৰচণ্ড মাৰপিট

ABOUT THE AUTHOR

...view details