অসম

assam

শিৱসাগৰ জনতা কাৰ্ফিউ সহাৰি, ব্যতিক্ৰমী ৰূপত দুই যুৱক

By

Published : Mar 22, 2020, 5:18 PM IST

প্ৰধান মন্ত্ৰীৰ জনতা কাৰ্ফিউ আখৰে আখৰে পালন শিৱসাগৰ ৷ জনতা কাৰ্ফিউ সঁহাৰি জনাই জনশূন্য পৰিৱেশ শিৱসাগৰত ৷ আনহাতে, দুজন যুৱকক দেখা গ'ল ব্যতিক্ৰমীৰূপত ৷ শিৱসাগৰ নগৰত নিজা প্ৰচেষ্টাত যুৱক দুজনে চটিয়াই কীটনাশক দ্ৰব্য ।

জনতা কাৰ্ফিউ
শিৱসাগৰ জনতা কাৰ্ফিউ সহাৰি, ব্যতিক্ৰমী ৰূপত দুই যুৱক

শিৱসাগৰ, 22 মাৰ্চঃ সমগ্ৰ দেশৰ লগতে শিৱসাগৰতো জনশূন্য পৰিৱেশ । নিমাউমাও পৰিৱেশ শিৱসাগৰত । ৰাজপথত দেখিবলৈ নাই এজনো ব্যক্তি । প্ৰধান মন্ত্ৰীৰ জনতা কাৰ্ফিউৰ আহ্বান আখৰে আখৰে পালন কৰি স্বতঃস্ফুটভাৱে দোকান পোহাৰ বন্ধ ৰাখিলে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে । বন্ধ যানবাহনৰ চলাচল । পথত নাই এজনো মানুহ । ইয়াৰ মাজতে দেওবাৰে শিৱসাগৰ নগৰত দেখা গ'ল এক ব্যতিক্ৰমী ছবি । দুজন যুৱকে নগৰত নিজা প্ৰচেষ্টাত কীটনাশক স্প্ৰে চটিয়াই । নগৰ খনৰ বজাৰ, চৰকাৰী কাৰ্যালয়, বাছ আস্থান আদিকে ধৰি বিভিন্ন স্থানত ইছমাইল তামুলী আৰু ৰাজ আহমেদ নামৰ এই দুই যুৱকে কৰ'ণাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কীটনাশক স্প্ৰে কৰাৰ দায়িত্ব কান্ধ পাতি লয় । ৰাইজৰ মাজৰ সজাগতা সৃষ্টি কৰাৰ লগতে সামাজিক দায়িত্ব কান্ধ পাতি যুৱক দুজনে চলাইছে এই একক সংগ্ৰাম ।

শিৱসাগৰ জনতা কাৰ্ফিউ সহাৰি, ব্যতিক্ৰমী ৰূপত দুই যুৱক

ABOUT THE AUTHOR

...view details