শিৱসাগৰ, 10 মাৰ্চঃশিৱসাগৰৰ ৰঙৰ বিপনীত গ্ৰাহকৰ সেৰেঙা উপস্থিতিৰ বিপৰীতে চহৰ খনৰ মাৰোৱাৰীপট্টিত দেখা গ'ল ফাকুৱাৰ ব্যাপক উচাহ ৷ অসমীয়া মাৰোৱাৰী সম্প্ৰদায়ৰ লোক সকলে জ্যোতিপ্ৰসাদ আগৰৱালা পথত আনন্দ কৰি পালন কৰিলে ৰঙৰ উৎসৱটি ৷
শিৱসাগৰত ফাকুৱাৰ ব্যাপক উচাহ - কৰ'ণা ভাইৰাছ সংক্ৰমণৰ শংকা
শিৱসাগৰৰ মাৰোৱাৰীপট্টিত দেখা গ'ল ফাকুৱাৰ ব্যাপক উচাহ ৷ ৰঙৰ বিপনীত গ্ৰাহকৰ সেৰেঙা উপস্থিতিৰ বিপৰীতে চহৰখনৰ একাংশ লোকে পালন কৰা দেখা গ'ল ৰঙৰ উৎসৱটি ৷
ফাকুৱাৰ ব্যাপক উচাহ শিৱসাগৰত
দাণ্ডিয়া নাচত অংশ লোৱাৰ উপৰিও হোলী গীতৰ তালে তালে নৃত্য কৰিলে একংশ লোকে ৷ ইজনে সিজনক আৱিৰৰ ৰং সানি জ্ঞাপন কৰিলে শুভেচ্ছা ৷ মাৰাত্মক কৰ'ণা ভাইৰাছ সংক্ৰমণৰ শংকাৰ মাজতো চহৰখনত পূৰ্ব তুলনাত কিছু কম পৰিমাণে হ'লেও দেখিবলৈ পোৱা গ'ল ফাকুৱাৰ মাদকতা ৷