অসম

assam

ETV Bharat / state

শিৱসাগৰত ৭১ কোটি টকাৰ আধাৰশিলা স্থাপন হিমন্ত বিশ্ব শৰ্মাৰ - বিজেপি চৰকাৰ

আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকি হিমন্ত বিশ্ব শৰ্মাই বিজেপি চৰকাৰে অসমৰ ৰাইজৰ বাবে কৰা উন্নয়ন সমূহৰ খতিয়ান দাঙি ধৰে।

sivsagar-foundation-stone-by-himanta-biswa-sarma
শিৱসাগৰত ৭১ কোটি টকাৰ আধাৰশিলা স্থাপন হিমন্ত বিশ্ব শৰ্মাৰ

By

Published : Oct 16, 2020, 6:31 PM IST

শিৱসাগৰ,16 অক্টোবৰ :মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে শিৱসাগৰত উপস্থিত হৈ বহু কেইটা আধাৰশিলা স্থাপন কৰে। শুকুৰবাৰে মন্ত্ৰী গৰাকীয়ে শিৱসাগৰৰ কোঁৱৰপুৰ মৌজাৰ শ্ৰীপুৰীয়াত ১৮ কোটি টকা ব্যয়ৰে আৰু হাড়মতী গড় আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী ১০ কোটি টকা ব্যয়ৰে দুখন দলঙৰ আধাৰশিলা স্থাপন কৰে ।

শিৱসাগৰত ৭১ কোটি টকাৰ আধাৰশিলা স্থাপন হিমন্ত বিশ্ব শৰ্মাৰ

ইয়াৰোপৰি মন্ত্ৰী গৰাকীয়ে বিক্ৰমপুৰ আৰু দৰিকাপাৰতো ২ খন আঁচনি সহ মুঠ ৭১ কোটি টকাৰ আঁচনিৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকি হিমন্ত বিশ্ব শৰ্মাই বিজেপি চৰকাৰে অসমৰ ৰাইজৰ বাবে কৰা উন্নয়ন সমূহৰ খতিয়ান দাঙি ধৰে।

লগতে পঢ়ক: কৰিমগঞ্জত বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য

ABOUT THE AUTHOR

...view details