অসম

assam

By

Published : Nov 14, 2020, 8:43 PM IST

ETV Bharat / state

শিৱসাগৰত বিধ্বংসী অগ্নিকাণ্ডঃ নিহত এজন

মুক্তি গগৈৰ দোকানত অবৈধভাৱে পেট্ৰল, ডিজেলৰ লগতে অৱৈধ ভাৱে ফটকা বিক্ৰিৰ অভিযোগ উত্থাপন হৈছে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপনৰ লগতে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷

sivsagar-fire-incident
শিৱসাগৰত বিধ্বংসী অগ্নিকাণ্ডঃ এজন নিহত

শিৱসাগৰ, 14 নৱেম্বৰ : দিপাৱলীৰ নিশা শিৱসাগৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ শিৱসাগৰৰ বেতবাৰী বালিবাট চাৰিআলিত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত থিতাতে নিহত হৈছে প্ৰাণদীপ গগৈ নামৰ এজন ২২ বছৰীয়া এজন যুৱক ৷ এই অগ্নিকাণ্ডত অগ্নিদগ্ধ হোৱা ধুৰ্বজ্যোতি গগৈ নামৰ এজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ বেতবাৰীৰ বালিবাট চাৰিআলিৰ মুক্তি গগৈৰ নামৰ দোকানখনত সংঘটিত হৈছে এই অগ্নিকাণ্ড ৷

মুক্তি গগৈৰ দোকানত অবৈধ ভাৱে পেট্ৰল, ডিজেলৰ লগতে অৱৈধ ভাৱে ফটকা বিক্ৰিৰ অভিযোগ উত্থাপন হৈছে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপনৰ লগতে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ ইতিমধ্যে নিহত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷

লগতে পঢ়ক: ৰাজস্থানত অত্যধিক সুৰা সেৱনৰ ফলত মৃত্যু পাঁচগৰাকীৰ

ABOUT THE AUTHOR

...view details