অসম

assam

ETV Bharat / state

স্বাধীনতা দিৱস সন্দৰ্ভত শিৱসাগৰ জিলা উপায়ুক্তৰ সংবাদমেল

দেশৰ 73 সংখ্যক স্বাধীনতা দিৱস বিভিন্ন প্ৰতিযোগিতাৰ মাজেৰে উলহ মালহেৰে উদযাপন কৰিবলৈ সাজু শিৱসাগৰ জিলা প্ৰশাসন, জিলা উপায়ুক্ত ডাঃ লক্ষ্মণ এচৰ সংবাদমেল অনুষ্ঠিত

স্বাধীনতা দিৱস উদযাপন সন্দৰ্ভত শিৱসাগৰ জিলা উপায়ুক্তৰ সংবাদমেল

By

Published : Aug 10, 2019, 8:55 AM IST

Updated : Aug 10, 2019, 2:39 PM IST

শিৱসাগৰ, 10 আগষ্টঃ দেশৰ 73 সংখ্যক স্বাধীনতা দিৱস বিভিন্ন প্ৰতিযোগিতাৰ মাজেৰে উলহ মালহেৰে উদযাপন কৰিবলৈ সাজু শিৱসাগৰ জিলা প্ৰশাসন ৷ এই সন্দৰ্ভত শুকুৰবাৰে উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা ভৱনত জিলা উপায়ুক্ত ডাঃ লক্ষ্মণ এচৰ সংবাদমেল অনুষ্ঠিত কৰে ৷ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি 11 আগষ্টত মেলাচকৰ পাঠশালিকা বিদ্যালয়ত অনুষ্ঠিত হ'ব এখনি প্ৰাইজমানী কুইজ প্ৰতিযোগিতা ৷ জিলা খনৰ সৰ্বমুঠ 33 খন স্কুল আৰু প্ৰত্যেক কলেজৰ পৰা 2 জনকৈ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব উক্ত কুইজ প্ৰতিযোগিতাত ৷ 15 আগষ্টত পুৱা 7 বজাত পতাকা উত্তোলন কৰাৰ পাছত দিনযোৰা কাৰ্যসূচীৰে বিশেষ দিনটোত প্ৰকৃত মুক্তি যুঁজাৰু সকলক সন্মান জনোৱা হ'ব ৷ ইয়াৰোপৰি সংবাদ মেলত উপস্থিত থকা জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাই জিলাখনৰ সুৰক্ষাৰ দিশটো অধিক কটকটীয়া কৰি তোলা হৈছে বুলি মন্তব্য কৰে ৷ লগতে দেশৰ স্বাধীনতা দিৱসটো যাতে সূচাৰুৰূপে পালন কৰিব পাৰি তাৰ বাবে সংবাদ সেৱী সকলৰ পূৰ্ণ সহযোগিতা বিচাৰে জিলা উপায়ুক্তই ৷

স্বাধীনতা দিৱস উদযাপন সন্দৰ্ভত শিৱসাগৰ জিলা উপায়ুক্তৰ সংবাদমেল
Last Updated : Aug 10, 2019, 2:39 PM IST

ABOUT THE AUTHOR

...view details