অসম

assam

ETV Bharat / state

বান বিধ্বস্ত শিৱসাগৰৰ দিচাংমুখত বানাক্ৰান্তৰ দুৰ্দশা - Assam Government

ভদীয়া বান(Flood)ৰ কবলত শিৱসাগৰ(Sivsagar)ৰ দিচাংমুখ । জিলাখনৰ দিখৌ মুখ, দিচাংমুখৰ বিস্তৃৰ্ণ এলেকাৰ বাসগৃহ, বিদ্যালয়, মন্দিৰ, নামঘৰ, গাঁৱৰ পথ সকলোতে কেৱল পানী । নাওখনেই হৈছে যাতায়াতৰ একমাত্ৰ ভৰসা । বাসগৃহৰ বাহিৰ-ভিতৰ পানীৰে ভৰি থকাত মথাউৰিত আশ্ৰয় ল'বলগীয়া হৈছে জলমগ্ন অঞ্চলটোৰ ৰাইজে ।

Sivsagar district affected by flood
বান বিধ্বস্ত শিৱসাগৰৰ দিচাংমুখত বানাক্ৰান্তৰ দুৰ্দশা

By

Published : Aug 31, 2021, 8:22 PM IST

শিৱসাগৰ, ৩১ আগষ্ট: ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানে বুৰাই পেলাইছে শিৱসাগৰ(Sivsagar)ৰ দিচাংমুখ, দিখৌ মুখ । ভদীয়া বানে প্লাৱিত কৰিছে সম্প্ৰীতিৰ পীঠস্থান সৰাগুৰি চাপৰি । বিস্তৃৰ্ণ কৃষিভূমি এতিয়া পানীৰ তলত । শতাধিক বাসগৃহ বানৰ কবলত । মথাউৰিত অবৰ্ণনীয় পৰিস্থিতি ।

বান বিধ্বস্ত শিৱসাগৰৰ দিচাংমুখত বানাক্ৰান্তৰ দুৰ্দশা

গৰু, ম’হ, ছাগলীৰ সৈতে একেলগে মথাউৰিত আশ্ৰয় ল'বলগীয়া হৈছে বন্যাৰ্তই । কণ কণ শিশুক কোলাত লৈ মথাউৰিতে সময় অতিবাহিত কৰিবলগীয়া হৈছে মহিলাসকলে । সৰাগুৰি অঞ্চলত আজানপীৰ চাহেবৰ দৰগাহ পানীৰ তলত ৷ দৰগাহ সংযোগী নৱ নিৰ্মিত পথটোৰ চাৰিটা স্থানত কোবাল গতিত বাগৰিছে ব্ৰহ্মপুত্ৰৰ পানী ৷

বান বিধ্বস্ত শিৱসাগৰৰ দিচাংমুখত বানাক্ৰান্তৰ দুৰ্দশা

আন ঠাইৰ সৈতে সৰাগুৰি চাপৰিৰ যোগাযোগ বিচ্ছিন্ন হোৱাৰ উপক্ৰম হৈছে ৷ দিচাংমুখ, দিখৌমুখত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

দিচাংমুখ, দিখৌমুখৰ অফলা, মাজৰবাৰী, সৰাগুৰি কৈৱৰ্ত গাঁও, লিগিৰিবাৰী, গড়ভগা, মামলকে ধৰি ২০ খনতকৈও অধিক গাঁও এতিয়া ভদীয়া বানৰ কবলত ৷ কেইবাখনো শিক্ষানুষ্ঠান, নামঘৰ, মন্দিৰৰ বাহিৰে-ভিতৰতে মাথো পানী ৷ ভাদ মাহত নামঘৰে হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰাৰ পৰিৱৰ্তে দিচাংমুখৰ নামঘৰত নিমাওমাও পৰিৱেশ । আনহাতে, বিপদসীমা অতিক্ৰম কৰি ভয়াৱহ ৰূপত বাঢ়িয়েই আছে ব্ৰহ্মপুত্ৰৰ পানী ৷

বান বিধ্বস্ত শিৱসাগৰৰ দিচাংমুখত বানাক্ৰান্তৰ দুৰ্দশা

শেহতীয়াকৈ অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰীয়ে বান বিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ৰাইজক সহায় কৰাৰ আশ্বাস প্রদান কৰিছিল যদিও এতিয়া বিপদৰ সময়ত ৰজাঘৰীয়াৰ ছাঁটোও দেখিবলৈ পোৱা নাই দুৰ্ভগীয়া ৰাইজে । ইফালে, শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈও সমষ্টিবাসীৰ কাষত এই পৰ্যন্ত উপস্থিত হোৱা নাই । খাদ্যৰ নাটনি, বানৰ প্ৰকোপ বৃদ্ধিৰ শংকাত বিনিদ্ৰ ৰজনী কটাইছে বানাক্ৰান্তই ।

লগতে পঢ়ক:ভূৰবন্ধাত প্ৰলংয়কাৰী বান; মথাউৰিত বন্যাৰ্তৰ হাহাকাৰ

ABOUT THE AUTHOR

...view details