শিৱসাগৰ, 2 জুলাইঃশিৱসাগৰৰ লগতে সমগ্ৰ ৰাজ্যত কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজত অৱৰ্তীণ হৈছে দুৰ্যোগ প্ৰশমণ বিভাগ। কোভিড ১৯ ৰোগৰ আতংকৰ সময়ত সজাগতা পালন,স্বাস্থ্য বিভাগৰ নিয়ম সমূহ ৰাইজক অৱগত কৰা,ঠায়ে ঠায়ে ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ ৰাইজক পৰিষ্কাৰ-পৰিচ্ছন্নতা,হাতধোৱা আদি কাৰ্য সমূহ বুজোৱা আদি বিভিন্ন কামত নিয়োজিত হৈ আছে দুৰ্যোগ প্ৰশমণ বিভাগৰ দল। দৰমহা বিহীনভাৱে স্বেচ্ছাসেৱকসকলে এই বিভাগটোৰ তথা ৰাইজৰ হৈ নিস্বাৰ্থ ভাৱে সেৱা আগবঢ়াই আহিছে।
ঐতিহাসিক শিৱসাগৰ পুখুৰী পাৰ পৰিষ্কাৰ কৰিলে এটা বিভাগে - দুৰ্যোগ প্ৰশমণ বিভাগ
বৃহস্পতিবাৰে দুৰ্যোগ প্ৰশমণ বিভাগৰ শিৱসাগৰ জিলাৰ স্বেচ্ছাসেৱী সকলে শিৱসাগৰ পুখুৰীৰ পাৰ পৰিষ্কাৰ কৰাৰ লগতে বীজাণুমুক্ত কৰাৰ বাবে বিভিন্ন ৰাসায়নিক দ্ৰৱ্য ছটিয়াই।
![ঐতিহাসিক শিৱসাগৰ পুখুৰী পাৰ পৰিষ্কাৰ কৰিলে এটা বিভাগে ঐতিহাসিক শিৱসাগৰ পুখুৰী পাৰ পৰিষ্কাৰ কৰিলে এটা বিভাগে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7858806-thumbnail-3x2-sivsagar.jpg)
ঐতিহাসিক শিৱসাগৰ পুখুৰী পাৰ পৰিষ্কাৰ কৰিলে এটা বিভাগে