অসম

assam

By

Published : Aug 7, 2020, 5:28 PM IST

ETV Bharat / state

শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ক'ভিড ৱাৰ্ড সন্দৰ্ভত উপায়ুক্তৰ স্পষ্টীকৰণ

ক'ভিড ৱাৰ্ডৰ ৰোগীক অপৰিস্কাৰ খাদ্য যোগান ধৰা অভিযোগৰ লগতে চিকিৎসালয়ৰ আভ্যন্তৰীণ কক্ষসমূহৰ অস্বাস্থ্যকৰ পৰিবেশ সন্দৰ্ভত শিৱসাগৰ জিলা উপায়ুক্তৰ মন্তব্য প্রদান সংবাদ মাধ্যমৰ আগত ৷ উপায়ুক্তগৰাকীৰ মতে, নিয়াৰিকৈ চলি আছে সকলো কাম-কাজ ৷

শিৱসাগৰ উপায়ুক্তৰ মন্তব্য
শিৱসাগৰ উপায়ুক্তৰ মন্তব্য

শিৱসাগৰ, 7 আগষ্টঃ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত যোৱা দুদিনমান পূৰ্বে ক'ভিড পজিটিভ ৰোগীক যোগান ধৰা খাদ্যত পোক ওলোৱাৰ লগতে কদৰ্যময় পৰিৱেশৰ এটা বাতৰি পৰিৱেশনৰ পাছত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগত জোকাৰণিৰ সৃষ্টি হৈছিল ৷ ঘটনা সন্দৰ্ভত শিৱসাগৰ জিলা প্ৰশাসনে সংবাদমেলৰ জৰিয়তে ঘটনাৰ তদন্ত আৰু উচিত প্ৰতিকাৰ কৰা হ’ব বুলি ঘোষণা কৰিছিল ৷ শুকুৰবাৰে এই বিষয়ে নিজৰ মন্তব্য দাঙি ধৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষ্মীনন্দন গগৈয়ে ৷

শিৱসাগৰ উপায়ুক্তৰ মন্তব্য

উপায়ুক্ত লক্ষীনন্দন গগৈয়ে কয় যে, কেৱল ক'ভিড পজিটিভ ৰোগীৰ নহয় চিকিৎসালয়খনৰ সমূহ ৱার্ডৰ লগতে প্ৰতিটো বিভাগ যাতে 24 ঘন্টাই পৰিস্কাৰ- পৰিচ্ছন্ন হৈ থাকে তাৰ বাবে যথোপযুক্ত সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ কিন্তু, খাদ্যত এটা জীৱন্ত পোক ওলোৱাটো এক আচর্যজনক বিষয় বুলি অভিহিত কৰিছে উপায়ুক্ত গৰাকীয়ে ৷ আনহাতে, স্বাস্থ্য কর্মীসকলৰ লগতে চাফাই কৰ্মী সকলেয়ো এই উৎকট গৰমত পিপিই কীট পৰিধান কৰি নিজৰ কর্তব্য আৰু দায়িত্ব সম্পূৰ্ণ নিষ্ঠাৰে পালন কৰি আহিছে বুলিও উপায়ুক্ত গৰাকীয়ে প্ৰকাশ কৰে ৷ লগতে তেওঁ কয় যে, শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ক'ভিড ৱাৰ্ডত হোৱা ঘটনা ষড়যন্ত্ৰমূলক আৰু দুজন মান লোকৰ দ্বাৰা এইটো সম্পন্ন কৰা হৈছে ৷

লক্ষ্মীনন্দন গগৈৰ মতে, বর্তমান 93 গৰাকী ক'ভিড পজিটিভ ৰোগী ভৰ্তি হৈ থকা জয়সাগৰ অসামৰিক চিকিৎসালয়ত উন্নত মানৰ চিকিৎসা, সা-সুবিধা প্ৰদানৰ ক্ষেত্ৰত কোনো ধৰণৰ গাফিলতি কৰা হোৱা নাই ৷ লগতে তেওঁ উল্লেখ কৰে যে, ক'ভিড পজিটিভ ৰোগীসকলৰ মানসিক চাপ আৰু অৱসাদ দূৰ কৰিবলৈ পুৱা গধুলি বৈদ্যুতিন মাধ্যমৰ যোগেদি বাৰ্তালাপ আৰু সংগীতৰো ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমৰ আগত ৷ সেইদৰে পৰিষ্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰাখিবলৈ প্ৰশাসনে বিভিন্ন নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ লগতে খাদ্য যোগান ধৰা সংস্থাসমূহো ৰদবদল কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷

চিকিৎসালয়ৰ যিকোনো সমস্যাৰ বাবে ইতিমধ্যে উপলব্ধ কৰা নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে উপায়ুক্ত গৰাকীয়ে ৷ লগতে, চিকিৎসালয়ত ভৰ্তি হোৱা প্ৰতিজন ৰোগীক ভৰ্তিৰ সময়ত লিখিতভাৱে পালন কৰিব আৰু নকৰিবলগীয়া বিধিসমূহ পালন কৰিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়কঃপ্ৰব্ৰজিত শ্ৰমিকক কিট প্ৰদানৰ নামত কৰিমগঞ্জত ব্যাপক লুন্ঠনৰ অভিযোগ

ABOUT THE AUTHOR

...view details