অসম

assam

ETV Bharat / state

শিৱসাগৰত কংগ্ৰেছ মহাজোঁটৰ সংবাদমেল - sivsagar congress pressmeet

নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছ সাংসদ তথা জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈ উপস্থিত শিৱসাগৰত । কংগ্ৰেছ মহাজোঁটৰ সংবাদমেলত শিৱসাগৰত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হ'ব বুলি দাবী কৰে নেতাগৰাকীয়ে । সাংসদ গৰাকীয়ে শিৱদ’লত সেৱা লৈ আগন্তুক নিৰ্বাচনত জয়ী হোৱাৰ প্ৰাৰ্থনা জনায় ।

শিৱসাগৰত কংগ্ৰেছ মহাজোঁটৰ সংবাদমেল
শিৱসাগৰত কংগ্ৰেছ মহাজোঁটৰ সংবাদমেল

By

Published : Mar 14, 2021, 7:03 PM IST

শিৱসাগৰ,১৪ মাৰ্চ: শিৱসাগৰত দেওবাৰে মহাজোঁট বন্ধনৰ যৌথ সংবাদমেল অনুষ্ঠিত হয় । কংগ্ৰেছ দলৰ লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সম্বোধন কৰা সংবাদমেলত মহাজোঁটৰ বাওঁপন্থী দলসমূহৰ প্ৰতিনিধিসকল উপস্থিত থাকে । সংবাদমেলত অসম ৰাজ্যিক কংগ্ৰেছ দলৰ নিৰ্বাচন প্ৰচাৰ বিভাগৰ অধ্যক্ষ প্ৰদ্যুৎ বৰদলৈয়ে ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী শুভ্ৰমিত্ৰ গগৈক ভোট প্ৰদানৰ বাবে সংবাদ মাধ্যমৰ দ্বাৰা সমষ্টিৰ ৰাইজক আহ্বান জনায় ।

নাগপুৰৰ আৰএছএছৰ দ্বাৰা পৰিচালিত বিজেপি দলটো সাম্প্ৰদায়িক আৰু ধৰ্ম উন্মাদ বুলি উল্লেখ কৰি সাংসদ গৰাকীয়ে কয় যে শাসনলৈ আহিবলৈ বিজেপি দলে বহু প্ৰতিশ্ৰুতি দিলে, কিন্তু এইবাৰ কংগ্ৰেছ দলে গেৰাণ্টি দিছে । মুঠ পাঁচটা গেৰাণ্টি লৈ এইবাৰ কংগ্ৰেছ দল নিৰ্বাচনত নামিছে । পাঁচ বছৰত পাঁচ লাখ চাকৰি প্ৰদান, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৬৫ টকালৈ বৃদ্ধি, ২০০ ইউনিট বিজুলী ৰেহাই, কা অসমত প্ৰযোজ্য হ'বলৈ দিয়া নহ'ব আৰু অসমৰ প্ৰতিগৰাকী গৃহিণীলৈ ২০০০ টকা শাসনলৈ আহি কংগ্ৰেছ দলে প্ৰদান কৰাৰ গেৰাণ্টি দিছে ।

শিৱসাগৰত কংগ্ৰেছ মহাজোঁটৰ সংবাদমেল

বিজেপি দলৰ মিছাৰ ৰাজনীতি ওফৰাই পেলাবলৈ এইবাৰ কংগ্ৰেছ দলে মিত্ৰদলৰ সৈতে সক্ষম হ'ব বুলি উল্লেখ কৰি সাংসদ গৰাকীয়ে শিৱসাগৰ সমষ্টিৰ বাবে শুভ্ৰমিত্ৰ গগৈ যোগ্য প্ৰাৰ্থী বুলি ঘোষণা কৰে । শাসকীয় বিজেপি দলৰ লগতে অখিল গগৈ শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী হ'লেও আগৰ নিৰ্বাচনবোৰৰ দৰে এইবাৰো কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ী হ'ব বুলি সাংসদ গৰাকীয়ে দাবী কৰে । ইফালে শিৱসাগৰত নিৰ্বাচনী প্ৰচাৰলৈ আহি সাংসদ গৰাকীয়ে শিৱ দলত সেৱা লৈ আগন্তুক নিৰ্বাচনত জয়ী হোৱাৰ প্ৰাৰ্থনা জনায় ।

লগতে পঢ়ক:ৰাইজৰ দল আচলতে চোৰৰ হে দল: ভৱেশ কলিতা

ABOUT THE AUTHOR

...view details