অসম

assam

ETV Bharat / state

বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে শপতনামাত ভূৱা তথ্য প্ৰদানৰ অভিযোগ - ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচন

দেওবাৰে শিৱসাগৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে ভূৱা শপতনামা দাখিল কৰাৰ গুৰুতৰ অভিযোগ কংগ্ৰেছৰ ৷ শিৱসাগৰ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰীৰ বিৰুদ্ধে ভূৱা শপতনামা দাখিলৰ গুৰুতৰ অভিযোগ উত্থাপন কংগ্ৰেছৰ ৷

বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে শপতনামাত ভূৱা তথ্য প্ৰদানৰ অভিযোগ
বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে শপতনামাত ভূৱা তথ্য প্ৰদানৰ অভিযোগ

By

Published : Mar 14, 2021, 4:49 PM IST

শিৱসাগৰ,14 মাৰ্চ: দেওবাৰে শিৱসাগৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে ভূৱা শপতনামা দাখিল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে ৷ সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰীৰ বিৰুদ্ধে ভূৱা শপতনামা দাখিল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ দলে । শিৱসাগৰ জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত মহাজোঁট বন্ধনৰ এক সংবাদমেলত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ উপস্থিতিত এই তথ্য ফাদিল কৰে জিলা কংগ্ৰেছৰ আইন কোষৰ বিষয়ববীয়া তথা অধিবক্তা বিদ্যুৎ গগৈয়ে ।

বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে শপতনামাত ভূৱা তথ্য প্ৰদানৰ অভিযোগ

বিগত ২০১৬ ৰ বিধানসভা নিৰ্বাচনৰ বাবে দাখিল কৰা শপতনামা আৰু এইবাৰ ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ বাবে দাখিল কৰা শপতনামাত উল্লেখ কৰা শিক্ষাগত অৰ্হতাক লৈ বিসংগতি আছে বুলি অভিযোগ কৰে কংগ্ৰেছৰ আইন কোষে । ২০১৬ চনৰ নিৰ্বাচনৰ শপতনামাত প্ৰাৰ্থী গৰাকীয়ে শিক্ষাগত অৰ্হতা স্নাতক আৰু এই ডিগ্ৰী কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ পৰা ২০১৫ চনত লাভ কৰা বুলি উল্লেখ কৰিছিল ।

কিন্তু এইবাৰৰ নিৰ্বাচনৰ বাবে দাখিল কৰা শপতনামাত উক্ত ডিগ্ৰী ২০১৬ চনত লাভ কৰা বুলি উল্লেখ কৰিছে প্ৰাৰ্থী গৰাকীয়ে । এনে তথ্যৰ বিসংগতি আইনৰ দৃষ্টিত এক অপৰাধ আৰু প্ৰাৰ্থী গৰাকীৰ এনে অপৰাধৰ বাবে ছমাহৰ কাৰাদণ্ড আৰু জৰিমনা হ’ব পাৰে বুলি সংবাদমেলত জানিব দিয়ে ।

লগতে পঢ়কঃধেমাজি জিলা কংগ্ৰেছৰ পৰা বহিস্কৃত হ’ল দুগৰাকীকৈ নেতা

ABOUT THE AUTHOR

...view details