শিৱসাগৰ, 16 মাৰ্চ : শিৱসাগৰত বৈছে আনন্দৰ বন্যা ৷ কিয়নো শিৱসাগৰ কলেজক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত কৰাৰ অৰ্থে বাজেটত ধাৰ্য কৰা হৈছে ধন (Sivsagar College upgrades to be University level) ৷ এই কথা হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ লগে লগে আজি কলেজখনত এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।
বাজেটৰ শুভবার্তা লাভ কৰাৰ পাচতে বৃহস্পতিবাৰে কলেজখনৰ ছাত্ৰ-ছাত্ৰী লগতে কলেজ পৰিয়ালে কলেজ চৌহদত কলেজ সংগীত ‘‘পোহৰ বিচাৰি যাঁও’’ পৰিৱেশন কৰে । উজনি অসমৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ স্বৰূপ এই মহাবিদ্যালয়খনে 1947 চনৰ 2 নৱেম্বৰত ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰত ফুলনিৰ কবি পদ্মধৰ চলিহাৰ যত্নত প্ৰতিষ্ঠা লাভ কৰিছিল । পিচৰ কালত সেউজ কোঁৱৰ পৰাগ চলিহাৰ প্ৰচেষ্টাত এই শিক্ষানুষ্ঠানখন এক মান বিশিষ্ট শিক্ষানুষ্ঠান ৰূপে গঢ় লৈ উঠিছিল ।
এটা বছৰ পূৰ্বে মহাৰজত জয়ন্তী পালন কৰা এই শিক্ষানুষ্ঠানৰ মহাৰজত জয়ন্তীৰ আৰম্ভণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ কলেজক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছিল ৷ এই আশ্বাসক বৰ্তমান বাস্তৱত পৰিণত কৰি বৃহস্পতিবাৰে বাজেটত কৰা মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাই শিৱসাগৰ কলেজ পৰিয়ালক আনন্দিত কৰি তুলিছে ।