শিৱসাগৰ, 1 নৱেম্বৰঃ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ শিতানত শ্ৰেষ্ঠতাৰ পুৰষ্কাৰ লাভ কৰা শিৱসাগৰ নগৰত জাৱৰ নিষ্কাষণৰ পাইলট প্ৰজেক্ট ৷ নগৰখন পৰিস্কাৰৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আগবাঢ়ি আহিছে মহিলাসকল ৷ মহিলাই কৰদাতাৰ পদুলিৰ পৰা সংগ্ৰহ কৰিব জাৱৰ ৷ আনহাতে জিলা উপায়ুক্তগৰাকীয়ে নিজেই কৰদাতাৰ ঘৰৰ পৰা জাৱৰ সংগ্ৰহ কৰে ৷ আজি ফুকন নগৰ পানী যোগান প্ৰকল্প চৌহদত জাৱৰ নিষ্কাষণৰ এই পাইলট প্ৰজেক্টৰ শুভাৰম্ভ কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত এম.এছ.লক্ষ্মীপ্ৰিয়াই ৷ দে-এনইউএলএম আঁচনিৰ অধীনত উৎসতে জাৱৰ পৃথকীকৰণ কৰি জৈৱিক আৰু যৌগিক জাৱৰ নিষ্কাষণৰ ব্যৱস্থা কৰা হ’ব ৷
শিৱসাগৰ নগৰত জাৱৰ নিষ্কাষণৰ পাইলট প্ৰজেক্ট - শিৱসাগৰ পাইলট প্ৰজেক্ট 2019
অসমত পোন প্ৰথমবাৰৰ বাবে মহিলা আত্মসহায়ক গোটক উক্ত ব্যৱস্থাত নিয়োগ কৰা হৈছে ৷ আজি এই পাইলট প্ৰজেক্ট আৰম্ভ কৰি শিৱসাগৰ জিলাৰ উপায়ুক্ত গৰাকীয়ে ১০ নং ৱাৰ্ডৰ এঘৰ লোকৰ ঘৰৰ পৰা জাৱৰ সংগ্ৰহ কৰি এক উদাহৰণ দাঙি ধৰে । এই দুই ৱাৰ্ডৰ সফলতাৰ ভিত্তিত পৰৱৰ্তী সময়ত আন ১২ টা ৱাৰ্ডত জাৱৰ নিষ্কাষণৰ বাবে মহিলা আত্মসহায়ক গোট নিয়োগৰ ব্যৱস্থা কৰা হ’ব ৷
শিৱসাগৰ নগৰত জাৱৰ নিষ্কাষণৰ পাইলট প্ৰজেক্ট
উল্লেখ্য যে, অসমত পোন প্ৰথমবাৰৰ বাবে মহিলা আত্মসহায়ক গোটক উক্ত ব্যৱস্থাত নিয়োগ কৰা হৈছে ৷ আজি এই পাইলট প্ৰজেক্ট আৰম্ভ কৰি শিৱসাগৰ জিলাৰ উপায়ুক্ত গৰাকীয়ে ১০ নং ৱাৰ্ডৰ এঘৰ লোকৰ ঘৰৰ পৰা জাৱৰ সংগ্ৰহ কৰি এক উদাহৰণ দাঙি ধৰে । এই দুই ৱাৰ্ডৰ সফলতাৰ ভিত্তিত পৰৱৰ্তী সময়ত আন ১২ টা ৱাৰ্ডত জাৱৰ নিষ্কাষণৰ বাবে মহিলা আত্মসহায়ক গোট নিয়োগৰ ব্যৱস্থা কৰা হ’ব ৷ ইয়াৰ দ্বাৰা সমাজ পৰিষ্কাৰত মহিলাৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ লগতে আৰ্থিক ভাৱেও সৱল হ'ব মহিলা সকল ৷