শিৱসাগৰ,19 মাৰ্চঃ এটি মৰমলগা শিশু,পিতৃ মাতৃৰ তথা পৰিয়ালৰ আলাসৰ লাড়ু। থুনুক থানাক দুভৰি,আধা ফুটা মৌ বৰষা মাত,ন কৈ গজি উঠা অকন অকন দুই চাৰিটা দাঁত,জিলিকি থকা দুচকুৰে ভুৱন বোলোৱা এটি হাঁহি। নাম তাৰ বৰ্ণিল বৰুৱা ৷ কিন্তু, হঠাৎ বৰ্ণিলৰ মুখৰ হাঁহিটো ম্লান হৈ উঠিল। ২০১৯ চনৰ মে' মাহত চিকিৎসকে বৰ্ণিল এক জটিল ৰোগত আক্ৰান্ত বুলি জানিবলৈ দিয়ে। শিৱসাগৰৰ ভটিয়াপাৰৰ নিৱাসী টেট ভিত্তিক শিক্ষক বৰ্ণিলৰ পিতৃ অজিত বৰুৱা আৰু মাতৃ বর্ণালী বৰুৱাৰ জীৱনলৈ হঠাৎ নামি আহিল অন্ধকাৰ। একমাত্ৰ কণমানি পুত্ৰ সন্তানটি তেজৰ কর্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।বর্তমান বৰ্ণিল গুৱাহাটীস্থিত অসম মেডিকেল কলেজ হাস্পতাল চিকিৎসাধীন হৈ আছে। চিকিৎসকে জানিবলৈ দিয়া মতে,শীঘ্ৰে বৰ্ণিলৰ ব'ন মেৰ'ট্ৰাঞ্চপ্লান্টৰ বাহিৰে বিকল্প উপায় নাই। কিন্তু, যথেষ্ট খৰচী এই চিকিৎসা।
শিষ্যৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য বিচাৰি আগবাঢ়ি আহিল শিক্ষক - শিষ্যৰ চিকিৎসাৰ বাবে আর্থিক সাহায্য বিচাৰি আগবাঢ়ি আহিল শিক্ষক
তেজৰ কর্কট ৰোগত আক্ৰান্ত কণমানি বৰ্ণিল চিকিৎসাৰ বাবে আৰ্থিক সাহায্য বিচাৰি আগুৱাই আহিল শিক্ষক শ্ৰীমন্ত দত্ত আৰু তেওঁৰ সহযোগীসকল ৷ তেওঁলোকক সংগ দিলে অভিনেত্ৰী প্ৰাঞ্জনা দত্তয়ো ৷
![শিষ্যৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য বিচাৰি আগবাঢ়ি আহিল শিক্ষক sivsagar-child-need-financial-help-sivsagarnews](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6462762-thumbnail-3x2-ab.jpg)
অতি হৃদয় বিদাৰক যে,আধুনিক চিকিৎসা পদ্ধতিৰে বৰ্ণিলক কেম' দি থকা হৈছে কিন্তু, কনমানিটোৰ হাতত শিৰা বিচাৰি নোপোৱাত সি তাৰ ভৰিখন আগবঢ়াই দিছে নার্চৰ ফালে। এইয়া জীয়াই থকা হেঁপাহ এটি নিষ্পাপ শিশুৰ ।আনহাতে,বৰ্ণিলৰ দেহত ইটোৰ পাছত সিটো কেম' দিয়াৰ বাবে কনমাণিৰ চুলি, দাঁত আদিও ক্ষয় যাব ধৰিছে। নিজ সন্তানৰ এই যন্ত্ৰনাভৰা সময়ত পিতৃ মাতৃ হৈ পৰিছে নিৰুপায়। তথাপি আশা কৰিছে বৰ্ণিল সুস্থ হৈ উঠক। বৰ্ণিলৰ দৰে বহুজন কর্কট ৰোগত আক্ৰান্ত ৰোগীক শাৰীৰিক আৰু মানসিক ভাৱে সহায় কৰি অহা শিৱসাগৰৰ চাৰিঙৰ নিৱাসী পেছাত এজন শিক্ষক মানৱ দৰদী শ্ৰীমন্ত দত্ত,তেওঁৰ পত্নী আৰু বন্ধু বান্ধৱীক সহিতে অনুষ্ঠান,প্ৰতিষ্ঠান সমূহত সাহাৰ্য তোলে বৰ্ণিলৰ চিকিৎসাৰ বাবে। উল্লেখ যে,থিয়েটাৰৰ বাবে শিৱসাগৰত উপস্থিত হোৱা অভিনেত্ৰী প্ৰাঞ্জনা দত্ত বৰুৱাই বৰ্ণিলৰ হৈ সাহাৰ্য বিচাৰি আগুৱাই আহিল। কণমানিটোৰ চিকিৎসাৰ বাবে আৰ্থিক সাহাৰ্য আগবঢ়াবলৈ আপুনি ও আগুৱাই আহক এখোজ। আৰ্থিক অনুদান আগবঢ়াবৰ বাবে পিতৃ অজিত বৰুৱাৰ একাউণ্ট নম্বৰ হৈছে- Ajit Boruah,SBI Dhing Branch.AC no 32607409042 IFSC_SBIN0002050
লগতে পঢ়কঃবিভিন্ন পৃষ্ঠত কৰ'ণা ভাইৰাছ কিমান সময় তিষ্ঠিব পাৰে?