শিৱসাগৰ, 17 আগষ্ট : দেওবাৰে শিৱসাগৰ নগৰৰ কেন্দ্ৰীয় বজাৰত ৮ গৰাকী ব্যৱসায়ী কভিড-19 পজিটিভ ৰূপে চিনাক্ত হোৱাত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । প্ৰশাসনৰ তৰফৰ পৰা দৈনিক বজাৰৰ ব্যৱসায়ী সকলৰ মাজত ৰেপিড এণ্ট্ৰিজেণ্ট পৰীক্ষা কৰাত এই লোক সকল কভিড ১৯ ৰোগত আক্ৰান্ত বুলি স্বাস্থ্য বিভাগে ঘোষণা কৰাৰ পাছত সোমবাৰে জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰে সম্পূৰ্ণ বজাৰখন।
শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰৰ কণ্টেইনমেণ্ট জ'ন ঘোষণা - শিৱসাগৰ কেন্দ্ৰীয় বজাৰ
জিলা প্ৰশাসনে কেন্দ্ৰীয় বজাৰৰ সকলো ব্যৱসায়ীক ৰেপিড টেষ্ট কৰি ৰোগ নিশ্চিত কৰাৰ পাছত পৰ্যায়ক্ৰমে বজাৰ খন খোলাৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিছে ।

বিগত দিনৰ লক্ ডাউনৰ পাছত কিছু স্বাভাৱিক হোৱা বজাৰখন পুনৰ বন্ধ কৰি দিয়াত ব্যৱসায়ী সকলৰ মাজত আতংকৰ সৃষ্টি হোৱাৰ লগতে ৰাইজৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কিয়নো দৈনিক বজাৰ কৰিবলৈ সততে হাজাৰ হাজাৰ লোক কেন্দ্ৰীয় বজাৰলৈ যায় । এতিয়া বজাৰ বন্ধ হোৱাৰ ফলত দৈনিক বজাৰৰ সমস্যাৰ লগতে এই কেইদিনত কেন্দ্ৰীয় বজাৰলৈ যোৱা গ্ৰাহক সকলৰ মাজত কভিড-19 ৰোগত আক্ৰান্ত হোৱাৰ আশংকাই বিৰাজ কৰিছে ।
আনহাতে জিলা প্ৰশাসনে কেন্দ্ৰীয় বজাৰৰ সকলো ব্যৱসায়ীক ৰেপিড টেষ্ট কৰি ৰোগ নিশ্চিত কৰাৰ পাছত পৰ্যায়ক্ৰমে বজাৰ খন খোলাৰ ব্যৱস্থা কৰিব বুলি জানিব দিছে ।
লগতে পঢ়ক : ডিব্ৰুগড়ত ভয়াৱহ অগ্নিকাণ্ড;নিমিষতে ছাঁই তিনিটা আৱাসগৃহ