শিৱসাগৰ সাংস্কৃতিক মহাসভাৰ উদ্যোগত দ্বীপজ্যোতি কেওটক 'ৰসপ্ৰাণ' উপাধি প্ৰদান - অসমীয়া ধাৰাবাহিক
জনপ্ৰিয় কৌতুক শিল্পী বেহাৰবাৰীৰ মোহন খ্যাত দ্বীপজ্যোতি কেওটক 'ৰসপ্ৰাণ' উপাধি প্ৰদান। সাংস্কৃতিক মহাসভাৰ উদ্যোগত শিৱসাগৰৰ নাট্য মন্দিৰত এই উপাধিৰে বিভূষিত কৰা হয় মোহনক।
![শিৱসাগৰ সাংস্কৃতিক মহাসভাৰ উদ্যোগত দ্বীপজ্যোতি কেওটক 'ৰসপ্ৰাণ' উপাধি প্ৰদান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3991682-thumbnail-3x2-k.jpg)
শিৱসাগৰ, 30জুলাইঃ শিৱসাগৰৰ নাট্য মন্দিৰত শিৱসাগৰ সাংস্কৃতিক মহাসভাৰ উদ্যোগত চতুৰ্দশ কেন্দ্ৰীয় সাংস্কৃতিক উৎসৱ যোৱা ২৭ জুলাই পৰা অনুষ্ঠিত হৈ আছে। সাংস্কৃতিক মহাসভাৰ উদ্যোগত মঙলবাৰে পুৱাৰে পৰা ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা,কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আৰু সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ পবিত্ৰ সোঁৱৰণত ৰাজ্যিক ভিত্তিত সংগীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। লগতে উক্ত অনুষ্ঠানতে 'বেহাৰবাৰী আউটপ'ষ্ট' নামৰ জনপ্ৰিয় অসমীয়া ধাৰাবাহিকখনত মোহনৰ চৰিত্ৰ ৰূপায়ণ কৰা নগাঁৱৰ দ্বীপজ্যোতি কেওটক ৰসপ্ৰাণ উপাধি প্ৰদান কৰা হয়।