শিৱসাগৰ, 24 আগষ্টঃঅসমৰ প্ৰাকৃতিক পৰিৱেশলৈ ভাবুকি কঢ়িয়াই অনা EIA 2020 খচৰা বাতিল কৰাৰ দাবীত শিৱসাগৰত সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ সোমাবাৰে শিৱসাগৰ নগৰৰ দ’লমুখ চাৰিআলিত অসমীয়া যুৱ মঞ্চই প্ৰতিবাদ সাব্যস্ত কৰে ৷
EIA 2020 বাতিলৰ দাবীত শিৱসাগৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ - শিৱসাগৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ
EIA 2020 খচৰাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে অসমৰ খনিজ সম্পদসমূহ লুন্ঠনৰ ষড়যন্ত্ৰ ৰচিছে ৷ অসমত জলবিদ্যুৎ প্ৰকল্প নিৰ্মানৰ সিদ্ধান্তই অসমৰ ৰাইজক অনাগত দিনত আৰু বেছি বিপদৰ মুখলৈ ঠেলি পঠিয়াব বুলি দাবী উত্থাপন কৰিছে শিৱসাগৰৰ অসমীয়া যুৱ মঞ্চই ৷

EIA 2020 বাতিলৰ দাবীত শিৱসাগৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ
EIA 2020 বাতিলৰ দাবীত শিৱসাগৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ
প্ৰতিবাদকাৰীসকলে কয় যে, এই EIA 2020 খচৰাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে অসমৰ খনিজ সম্পদসমূহ লুন্ঠনৰ ষড়যন্ত্ৰ ৰচিছে ৷ সকলো সময়তেই পৰিৱৰ্তনৰ কথা কোৱা শাসনাধীন চৰকাৰখনে আজিপৰ্যন্ত ৰাজ্যৰ বানপানীৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হোৱা নাই ৷ এই সময়ত অসমত জলবিদ্যুৎ প্ৰকল্প নিৰ্মানৰ সিদ্ধান্তই অসমৰ ৰাইজক অনাগত দিনত আৰু বেছি বিপদৰ মুখলৈ ঠেলি পঠিয়াব ৷ এই EIA 2020 খন বাতিল নকৰা পৰ্যন্ত অনাগত দিনলৈ বৃহত্তৰ অসমীয়া যুৱ মঞ্চই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিব বুলি সকিয়াই দিয়ে ৷