অসম

assam

ETV Bharat / state

শিৱসাগৰ জিলা ছাত্র সন্থাৰ উদ্যোগত লক্ষ্মীনাথ বেজবৰুৱাৰ ওপজা দিন উদযাপন - ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা

শিৱসাগৰত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ওপজা দিন উদযাপন ৷ আগন্তুক বৰ্ষৰ পৰা সদৌ শিৱসাগৰ জিলা ছাত্র সন্থাই আগবঢ়াব লক্ষ্মীনাথ বেজবৰুৱা বঁটা ৷

lakhminath bezbaruah award
সদৌ শিৱসাগৰ জিলা ছাত্র সন্থাৰ উদ্যোগত লক্ষ্মীনাথ বেজবৰুৱাৰ ওপজা দিন উদযাপন

By

Published : Oct 20, 2021, 8:30 PM IST

শিৱসাগৰ, 20 অক্টোবৰ :সদৌ শিৱসাগৰ জিলা ছাত্র সন্থাৰ উদ্যোগত বুধবাৰে শিৱসাগৰ নগৰৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু উদ্যানত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ওপজা দিন পালন কৰা হয় । চলিত বছৰৰ পৰা পৰা সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই ৰসৰাজৰ জীৱন কীৰ্তি যুগমীয়া কৰাৰ লগতে উঠি অহা প্ৰজন্মক অসমীয়া জাতিৰ প্ৰতি সাহিত্যৰ কাণ্ডাৰী গৰাকীৰ অৱদানক বোধগম্য কৰাৰ বাবে এই বছৰৰ পৰা জন্মদিন উদযাপনৰ কাৰ্যসূচী হাতত লৈছে ।

ৰসৰাজ বেজবৰুৱাৰ সৃষ্টি সমূহৰ উচিৎ মূল্যায়ন, এই সমূহৰ প্ৰচাৰ আৰু বিশ্ববাসীৰ মাজলৈ তেওঁৰ অমূল্য সৃষ্টি সমূহ আগবঢ়াই নিয়াৰ উদ্দেশ্য প্ৰতি বছৰে ওপজা দিন পালনৰ লগতে অহা বছৰৰ পৰা অসমৰ সমাজ জীৱনৰ প্ৰতি অৰিহণা আগবঢ়োৱা একোজন ব্যক্তিক লক্ষ্মীনাথ বেজবৰুৱা বঁটা প্ৰদান কৰিব সদৌ অসম ছাত্ৰ সন্থাই ।

সদৌ শিৱসাগৰ জিলা ছাত্র সন্থাৰ উদ্যোগত লক্ষ্মীনাথ বেজবৰুৱাৰ ওপজা দিন উদযাপন

ৰসৰাজৰ জীৱন সোঁৱৰণেৰে একাত্ম হৈ থকা স্মৃতি সমূহৰ সংৰক্ষণ আৰু শিৱসাগৰত ৰসৰাজৰ জীৱন প্ৰতিফলিত কৰিব পৰা বিষয়-বস্তু সমূহৰ সংৰক্ষণ, সংবৰ্ধন আৰু প্ৰচাৰৰ বাবে এক যাদুঘৰ স্থাপনৰো লক্ষ্য বান্ধি লৈছে সদৌ শিৱসাগৰ জিলা ছাত্র সন্থাই । এই ওপজা দিন পালন অনুষ্ঠানত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰাৰ লগতে ৰসৰাজৰ জীৱন সন্দৰ্ভত এক আলোকপাত কৰে শিৱসাগৰ মহাবিদ্যালয়ৰ অধক্ষ্য ড৹ সৌমাৰজ্যোতি মহন্তই ।

আধুনিক অসমীয়া ভাষাৰ মূল আধাৰৰ ৰচয়িতা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ওপজা দিন উদযাপন অনুষ্ঠানত শিৱসাগৰ সমাজ জীৱনৰ বহু প্ৰতিষ্ঠিত ব্যক্তি সকল উপস্থিত থাকে ।

লগতে পঢ়ক :বান-খহনীয়‍াৰ ক্ষয়ক্ষতিৰ বুজ ল'লে কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে

ABOUT THE AUTHOR

...view details