আমগুৰি, 30 ছেপ্টেম্বৰ:বহিঃৰাজ্যত আৱদ্ধ অসমৰ বহু যুৱক । অৰুণাচলত উদ্ধাৰ হোৱা আমগুৰিৰ যুৱকে পোহৰলৈ আনিছে ভয়ংকৰ তথ্য । অৰুণাচলৰ দিবাং ভেলী জিলাৰ আনিনি থানাৰ অৰ্ন্তগত গিপুলিন গাঁওৰ পৰা উদ্ধাৰ হৈছে অসমৰ যুৱক তুলন গগৈ । যোৱা চাৰিবছৰে অৰুণাচলত আৱদ্ধ হৈ আছিল হালোৱাটিং বৰছিলাৰ তুলন গগৈ । ঘটনাৰে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে তুলন গগৈৰ সম্বন্ধীয় দুলু বুঢ়াগোঁহাই আৰু তেওঁৰ বন্ধু অৰবিন্দ হাজৰিকাৰ বিৰুদ্ধে ।
অৰবিন্দ হাজৰিকাই তুলন গগৈক শকত অংকৰ বিনিময়ত অৰুণাচলত বিক্ৰী কৰাৰ অভিযোগ তুলিছে ভুক্তভোগীয়ে । ভুক্তভোগী তুলন গগৈক গিপুলিন গাঁওৰ উদ্ধাৰু মেহুৱে শাৰীৰিক নিৰ্যাতন চলোৱাৰো অভিযোগ উঠিছে । তুলন গগৈক মাৰধৰ কৰা লগতে দাঁত ভাঙি দিয়া বুলি জনায় ভুক্তভোগী গগৈয়ে । যোৱা 27 ছেপ্টেম্বৰত পৰিয়ালৰ লোকে তুলনক উদ্ধাৰ কৰি অনাৰ পাছতে পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ ঘটনা ।
পৰিয়ালৰ লোকে তুলনক আনিনি থানাৰ আৰক্ষীৰ সহযোগত এক দুৰ্গম অঞ্চলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । অৰুণাচলৰ সেই স্থানত অসমৰ আৰু বহু লোক আৱদ্ধ হৈ আছে বুলি জনায় তুলন গগৈয়ে । আৱদ্ধ সেইসকল যুৱকক এই মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰৰ বাবে আৰক্ষীৰ সহায় বিচাৰিছে ভুক্তভোগীয়ে । ইতিমধ্যে হালোৱাটিং আৰক্ষী থানাত সমগ্ৰ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ।