নিউজ ডেস্ক, ৯ মাৰ্চ : শিৱসাগৰ নগৰলৈ উত্তৰপূৱৰ সবাতোকৈ পৰিষ্কাৰ নগৰৰ সন্মান । ভাৰত চৰকাৰৰ আৱাস আৰু নগৰ পৰিক্ৰমা মন্ত্ৰণালয়ে প্ৰদান কৰিছে এই সন্মান।
শিৱসাগৰলৈ উত্তৰ-পূবৰ পৰিষ্কাৰ নগৰৰ সন্মান
ভাৰত চৰকাৰৰ আৱাস আৰু নগৰ পৰিক্ৰমা মন্ত্ৰণালয়ে প্ৰদান কৰিছে এই সন্মান।
etv bharat
নতুন দিল্লীৰ বিজ্ঞান ভৱনত শিৱসাগৰ পৌৰসভাৰ পৌৰনেত্ৰীক এই বঁটা প্ৰদান কৰা হয় । ৫০ হাজাৰৰ পৰা ১ লাখ জনসংখ্যা থকা নগৰৰ শিতানত স্বচ্ছ ভাৰত অভিযানৰ অধীনৰ স্বচ্ছ সৰ্বেক্ষণৰ জৰিয়তে এই সন্মান শিৱসাগৰ নগৰলৈ প্ৰদান কৰা হৈছে । নতুন দিল্লীৰ পৰা সন্মান গ্ৰহণ কৰি শনিবাৰে শিৱসাগৰত উপস্থিত হোৱা পৌৰনেত্ৰী মৃদুস্মিতা সিংহই এই সন্মানক ঐতিহাসিক চহৰখনলৈ এক গৌৰৱ বুলি প্ৰকাশ কৰে।