শিৱসাগৰত জব্দ বৃহৎ পৰিমাণৰ গুটখা - শিৱসাগৰ নগৰৰ থানামুখ
শিৱসাগৰ নগৰৰ থানামুখৰ ৪ নং ৱাৰ্ডত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ৭ লাখ ৬০ হাজাৰ টকা মূল্যৰ বৃহৎ পৰিমাণৰ গুটখা ৷ গুটখাখিনিৰ লগতে দুজন ব্যক্তিক আটক কৰে আৰক্ষীয়ে ৷
শিৱসাগৰত জব্দ বৃহৎ পৰিমাণৰ গুটখা
শিৱসাগৰ,5 মে'ঃশিৱসাগৰ নগৰৰ থানামুখৰ ৪ নং ৱাৰ্ডত আৰক্ষীৰ অভিযান । অভিযান চলাই জব্দ কৰিলে ৭ লাখ ৬০ হাজাৰ টকা মূল্যৰ বৃহৎ পৰিমাণৰ গুটখা ।মৰাণৰ পাইকাৰী বেপাৰীৰ পৰা ২৪ বেগ গুটখা আৰু ৬ বেগ জৰ্দা ক্ৰয় কৰিছিল ইৰ্টাজা আনছাৰি নামৰ থানামুখৰ এজন ব্যৱসায়ীয়ে । ব্যৱসায়ীজনে নিজৰ ঘৰৰ সমুখত AS 04 AC 6978 নম্বৰৰ বলেৰ' পিকআপ ভানৰ পৰা গুটখা সমূহ নমাই থকা অৱস্থাত জব্দ কৰে শিৱসাগৰ নগৰৰ আৰক্ষীয়ে। ইতিমধ্যে বৃহৎ পৰিমাণৰ গুটখাখিনিৰ লগতে ব্যৱসায়ী ইৰ্টাজা আনছাৰি আৰু তেওঁৰ ভাতৃক জিম্মাত লৈছে আৰক্ষীয়ে ।
শিৱসাগৰত জব্দ বৃহৎ পৰিমাণৰ গুটখা