আমগুৰি,19 ডিচেম্বৰ : চৌদিশে এতিয়া সৰিয়হ ফুলাৰ বতৰ ৷ পথাৰত হালধীয়া সৰিয়হৰ নান্দনিক দৃশ্য ৷ শিৱসাগৰৰ দিখৌমুখৰ পথাৰত ফুলা সৰিয়হবোৰেও যেন হাত বাউল দি মাতিছে সকলোকে ৷
দিখৌ নৈৰ কাষৰীয়া শ শ বিঘা মাটিত সৰিয়হ ফুল ফুলি পথাৰ হালধীয়া হৈ পৰিছে । হালধীয়া সৰিয়হ ফুলে প্ৰকৃতিৰ নান্দনিকতাক মোহনীয় কৰি তোলাৰ লগতে চহা কৃষকৰ মুখত হাঁহি বিৰিঙাই তুলিছে ।