অসম

assam

ETV Bharat / state

শিৱসাগৰত অবৈধ কৰ সংগ্ৰহ বিজেপি পালিনেতাৰ - বিজেপিৰ দালাল

শিৱসাগৰত দোকান দিয়াৰ অনুমতিৰ নামত কৰ হিচাবে অবৈধভাৱে ৫৭ জন নিবনুৱা যুৱকৰ পৰা ১০-১২ হাজাৰকৈ টকাকৈ সংগ্ৰহ বিজেপি পালিনেতাৰ । প্ৰশাসনে উচ্ছেদ চলাবলৈ আহোঁতেই সৃষ্টি হ'ল অপ্ৰীতিকৰ পৰিস্থিতিৰ ।

দোকান দিয়াৰ অনুমতিৰ নামত অবৈধ কৰ সংগ্ৰহ শিৱসাগৰত

By

Published : Oct 5, 2019, 5:40 PM IST

শিৱসাগৰ , 5 অক্টোবৰঃ ৰাজ্যত পূজাৰ আনন্দৰ মাজতে সপ্তমীৰ দিনা শিৱসাগৰত সংঘটিত হ'ল এক অপ্ৰীতিকৰ ঘটনা । শিৱসাগৰ পৌৰসভাৰ নাম লৈ বিজেপিৰ দুই দালালে ৫৭ জন নিবনুৱা যুৱকৰ পৰা ১০-১২ হাজাৰকৈ টকাকৈ সংগ্ৰহ কৰাক লৈ অঞ্চলটোত সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ ।

ঘটনাৰ বিৱৰণী অনুসৰি, বিজেপিৰ পালিনেতা পিকু ৰহমান আৰু নগৰ মণ্ডলৰ সম্পাদক দিপু হাজৰিকাই পৌৰসভাৰ পৌৰপতি মৃদুস্মিতা সিংহ আৰু কাৰ্যবাহী বিষয়া ৰিতুৰাজ বৰদলৈৰ নাম লৈ ৫৭ জন যুৱকৰ পৰা মণ্ডপৰ কাষৰে এখন ঠাইত অস্থায়ী দোকান খুলিবলৈ অনুমতি দিয়াৰ নামত টকা সংগ্ৰহ কৰে । কিন্তু প্ৰশাসনৰ ফালৰ পৰা সেই অঞ্চলত নাছিল দোকান খোলাৰ অনুমতি । প্ৰশাসনে অস্থায়ী দোকান সমূহ উচ্ছেদ কৰিব বিচৰাত ক্ষুণ্ণ হৈ পৰিছে ইতিমধ্যে দোকান খোলাৰ বাবে কৰ প্ৰদান কৰা ব্যৱসায়ীসকল । ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই যদিও সম্পূৰ্ণৰূপে পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হয় আৰক্ষী । ব্যৱসায়ীসকলৰ অভিযোগ, বিজেপি নেতা হোৱাৰ বাবেই অভিযোগ দাখিল কৰাৰ পাছতো আৰক্ষীয়ে এতিয়ালৈকে অভিযুক্তৰ ওপৰত গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ।

দোকান দিয়াৰ অনুমতিৰ নামত অবৈধ কৰ সংগ্ৰহ শিৱসাগৰত

লগতে পঢ়কঃ অসমৰ চাহ উদ্যোগত বৃহৎ ক্ষতি : 15 শতাংশ হ্ৰাস উৎপাদন

ABOUT THE AUTHOR

...view details