অসম

assam

ETV Bharat / state

বিবাহ অভ্যৰ্থনাৰ ৰাহি ধন কভিড19 পুঁজিলৈ - বিবাহত ৰাহি হোৱা ধনৰে 50 হেজাৰ টকা আগবঢ়ালে COVID-19 সাহায্য পুঁজিলৈ

লক্ ডাউনৰ বাবে বাতিল হ'ল শিৱসাগৰৰ সুভাশীষ মহন্তৰ বিবাহৰ অভ্যৰ্থনা ৷ সেয়ে সুভাশীষে তেওঁৰ বিবাহত ৰাহি হোৱা ধনৰে 50 হেজাৰ টকা আগবঢ়ালে COVID-19 সাহায্য পুঁজিলৈ ৷

Sivasagar Groom Donates 50 thousand  He Saved For Wedding reception To Fight COVID-19
বিবাহ অভ্যৰ্থনাৰ ৰাহি ধন COVID-19 সাহায্য পুঁজিলৈ আগবঢ়ালে শিৱসাগৰৰ সুভাশীষে

By

Published : May 10, 2020, 7:44 PM IST

শিৱসাগৰ,10 মে'ঃCOVID-19 ৰ বিভীষিকাৰ মাজতে যোৱা ৮ এপ্ৰিলত বিবাহ পাশত আৱদ্ধ হৈছিল শিৱসাগৰৰ সুভাশীষ মহন্ত আৰু গুৱাহাটীৰ ৰেণু দেৱী। শেহতীয়া পৰিস্থিতিৰ বাবে আড়ম্বৰপূৰ্ণ অনুষ্ঠান পৰিহাৰ কৰি নগণ্য সংখ্যক লোকক লৈ বৈদিক নিয়মেৰে বিবাহ সম্পন্ন কৰিলে দুয়োৱে ৷ বিয়াৰ পাছত সাধাৰণ দিনত হয়তো বহু লোকক নিমন্ত্ৰণ কৰি বৈবাহিক আনন্দৰ অংশীদাৰ কৰিলে হয় কিন্তু লক্ ডাউনৰ বাবে নিস্তেজ হ'ল সকলো ৷

বিবাহ অভ্যৰ্থনাৰ ৰাহি ধন COVID-19 সাহায্য পুঁজিলৈ আগবঢ়ালে শিৱসাগৰৰ সুভাশীষে

১০ মে' অৰ্থাৎ আজিৰ দিনটোতে আছিল অভ্যৰ্থনা। কিন্তু COVID-19ৰ বাবে বাতিল কৰিব লগা হয় এই অভ্যৰ্থনা অনুষ্ঠান ৷ অভ্যৰ্থনা অনুষ্ঠান বাতিল কৰা বাবে ৰাহি হোৱা ধনৰ ৫০ হেজাৰ টকা দৰা সুভাশীষ মহন্তই দেওবাৰে নিজে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ শিৱসাগৰৰ উপায়ুক্ত লক্ষীনন্দন গগৈৰ হাতত অৰ্পণ কৰে। তেওঁ শিৱসাগৰ জিলা প্রশাসনক COVID-19 নিয়ন্ত্ৰণ কৰিবৰ বাবে সহায়ক হোৱাকৈ এই ধন আগবঢ়াইছে বুলি জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

...view details