অসম

assam

ETV Bharat / state

গৌৰীসাগৰত সমন্বয়ৰ বাণী বিলালে ডা: পিতাম্বৰ দেৱগোস্বামীয়ে

শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ দিচিয়াল গাঁৱত ৩০ বছৰৰ পাছত উপস্থিত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডা: পিতাম্বৰ দেৱগোস্বামী । সত্ৰাধিকাৰজনৰ উপস্থিতিক লৈ উৎফুল্লিত গাঁওবাসী ।

গায়ন-বায়নেৰে সত্ৰাধিকাৰক আদৰণি জনালে গাঁওবাসীয়ে

By

Published : Oct 5, 2019, 9:46 AM IST


শিৱসাগৰ , ৫ অক্টোবৰঃ শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ দিচিয়াল গাঁৱৰ একমাত্ৰ নামঘৰটিত শুকুৰবাৰে উপস্থিত হয় শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডা: পিতাম্বৰ দেৱগোস্বামী । গাঁওখনৰ ৪৫০ টা পৰিয়ালৰ মাজত থকা একমাত্ৰ নামঘৰটোত সত্ৰাধিকাৰগৰাকীৰ উপস্থিতিত উৎফুল্লিত হৈ পৰে সমগ্ৰ অঞ্চলবাসী । তিনি শতাধিক লোকৰ উপস্থিতিত বক্তব্য প্ৰদান কৰে ডা: পিতাম্বৰ দেৱগোস্বামীয়ে । সত্ৰাধিকাৰগৰাকীয়ে তেখেতৰ বক্তব্যত জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে । সত্ৰাধিকাৰগৰাকীক আদৰিবৰ বাবে উফুল্লিত হৈ পৰা গাঁওবাসীয়ে নামঘৰটি আটক ধুনিয়াকৈ সজাই তোলাৰ লগতে গায়ন-বায়নেৰে নামঘৰলৈ আদৰি নিয়ে বিশেষ অতিথিজনক । কিছু লোকে সত্ৰাধিকাৰ গৰাকী উঠি যোৱা গাড়ীত সেৱা কৰা দৃশ্যও দেখিবলৈ পোৱা যায় ।

গায়ন-বায়নেৰে সত্ৰাধিকাৰক আদৰণি জনালে গাঁওবাসীয়ে

ABOUT THE AUTHOR

...view details