অসম

assam

ETV Bharat / state

গুণোৎসৱত প্ৰথম স্থান দখলেৰে উজলিল শিৱসাগৰ - Gunotsav 2022

দেশজুৰি পালন কৰা হৈছে শিক্ষক দিৱস (Teachers day celebrated in India) । ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিদ্যালয়ে বিদ্যালয়ে শিক্ষক দিৱস পালন কৰি থকা সময়তে শিৱসাগৰ জিলালৈ আহিল এক ভাল খবৰ (Gunotsav in Assam)। গুণোৎসৱত শিৱসাগৰ জিলাই লাভ কৰিলে প্ৰথম স্থান (Sivasagar district ranks first in Gunotsav) । উৎফুল্লিত শিৱসাগৰ জিলাৰ বিদ্যালয় পৰিদৰ্শক কমলজ্যোতি গগৈ ।

sivasagar district ranks first in gunotsav
শিক্ষক দিৱসৰ দিনা ভাল খৱৰঃ গুণোৎসৱত প্ৰথম স্থানত শিৱসাগৰ

By

Published : Sep 5, 2022, 8:04 PM IST

শিৱসাগৰ,৫ ছেপ্তেম্বৰ:আজি শিক্ষক দিৱস (Teachers day celebrated in India) । শিক্ষক দিৱসৰ দিনাই শিক্ষা ক্ষেত্ৰত জিলিকিল শিৱসাগৰ জিলা । কিয়নো শিক্ষক দিৱসৰ দিনাই ঘোষণা কৰা হ'ল গুণোৎসৱৰ ফলাফল । ৰাজ্যজুৰি অনুষ্ঠিত হোৱা গুণোৎসৱৰ ফলাফলত শ্ৰেষ্ঠত্ব অৰ্জন কৰিলে শিৱসাগৰ জিলাই (Sivasagar district ranks first in Gunotsav) ।

এই খবৰ লাভ কৰাৰ পাছতে উৎফুল্লিত হৈ পৰিছে শিৱসাগৰৰ শিক্ষক সমাজ । আনন্দ প্ৰকাশ কৰিছে বিদ্যালয় সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈয়ে । তেওঁ লগতে সকলো শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীলৈ ধন্যবাদ জ্ঞাপন কৰে (Gunotsav 2022) । লক্ষ্যনীয় যে, অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো শিক্ষক দিৱস উদযাপন কৰি থকাৰ সময়তে আহিল গুণোৎসৱৰ ফলাফল (Gunotsav in Assam) ।

গুণোৎসৱত প্ৰথম স্থান দখলেৰে উজলিল শিৱসাগৰ

উল্লেখ্য যে, সোমবাৰে জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত ৬১ সংখ্যক ৰাষ্ট্ৰীয় শিক্ষক দিৱস উদযাপন কৰা হয় । এই উপলক্ষে শিৱসাগৰ যুৱ দ'লত অনুষ্ঠিত কৰা মুকলি সভাত ৩৬ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । আৰু এই অনুষ্ঠান চলি থকাৰ সময়তে গুণোৎসৱত প্ৰথম স্থান লাভ কৰাৰ খবৰ পাই উৎফুল্লিত হৈ পৰে অনুষ্ঠানটোত উপস্থিত সকলো ব্যক্তি ।

ইফালে সভাত মুখ্য অতিথি হিচাপে বক্তৃতা প্ৰদান কৰে বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জ্যোতিপ্ৰসাদ শইকীয়াই । শিক্ষক-শিক্ষয়িত্ৰী সকলে ছাত্ৰ-ছাত্ৰী সকলক তোষামোদ কৰাতকৈ ভুল আঙুলিয়াই সঠিক পথৰ সন্ধান দিব লাগে বুলি আহ্বান জনাই শইকীয়াই । শিক্ষকতা কেৱল চাকৰি নহয় আৰু সমাজ গঢ়িবলৈ শিক্ষকসকলৰ বহু দায়িত্ব আছে বুলিও উল্লেখ কৰে ড° জ্যোতি প্ৰসাদ শইকীয়াই । বিদ্যালয় সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈয়ে আঁতধৰা অনুষ্ঠানটোত উপায়ুক্ত আদিত্য বিক্ৰম যাদৱকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক:বিহংগম দৃষ্টিত শিক্ষক দিৱস আৰু অসমৰ শিক্ষক সমাজ

ABOUT THE AUTHOR

...view details