অসম

assam

By

Published : May 13, 2019, 7:41 PM IST

ETV Bharat / state

ঐতিহাসিক ন-পুখুৰীৰ পাৰত শিৱসাগৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

শিৱসাগৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ আমগুৰি ৰাজহ চক্ৰ বিষয়া মৌচুমী চুতীয়াৰ নেতৃত্বত ঐতিহাসিক ন-পুখুৰীৰ পাৰত উচ্ছেদ অভিযান ৷

শিৱসাগৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

শিৱসাগৰ, 13 মে' : ঐতিহাসিক ন-পুখুৰীৰ পাৰত শিৱসাগৰ জিলা প্ৰশাসনৰ উচ্ছেদ ৷ আমগুৰি ৰাজহ চক্ৰ বিষয়া মৌচুমী চুতীয়াৰ নেতৃত্বত পুখুৰীৰ দুয়োপাৰত বসবাস কৰি থকা অৰ্ধ-শতাধিক লোকৰ বাসগৃহত পৰিল প্ৰশাসনৰ হাতোৰা ৷ শনিবাৰে জাননী জাৰি কৰি সোমবাৰে পুৱাৰে পৰা অভিযান চলোৱাত দিক্-বিদিক শূণ্য হৈ পৰে বিগত বহু সময় ধৰি ন-পুখুৰীৰ পাৰত বাস কৰি অহা লোকসকলে ৷ অঞ্চলটোত বাস কৰি অহা লোকসকলৰ অভিযোগ, দুদিন পূৰ্বেই জাননী প্ৰেৰণ কৰিয়েই প্ৰশাসনে উচ্ছেদ কাৰ্য চলোৱাত ক্ষোভিত হৈ পৰে লোকসকল ৷

শিৱসাগৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

ইফালে ন-পুখুৰী পাৰৰ দৰিদ্ৰ লোকসকলক উচ্ছেদ কৰা প্ৰশাসনে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ দ' খাৱৈ মাছ পালনৰ বাবে লীজত লৈ ধাবা, অট্টালিকা বনোৱা অবৈধ বেদখলকাৰীৰ সম্পৰ্কত নিশ্চুপ থাকি পক্ষপাতিত্বমূলক আচৰণ কৰাৰ অভিযোগ উত্থাপন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ লগতে উচ্ছেদিত লোকক উপযুক্ত সংস্থাপনৰ লগতে প্ৰশাসনে উচ্ছেদৰ ক্ষেত্ৰত পক্ষপাতিত্বমূলক মানসিকতা পৰিহাৰ নকৰিলে আন্দোলন চলাই নিয়াৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷

ABOUT THE AUTHOR

...view details