অসম

assam

ETV Bharat / state

এন আৰ চি সন্দৰ্ভত শিৱসাগৰৰ উপায়ুক্তৰ প্ৰতিক্ৰিয়া - nrc draft

নাম কৰ্তন হোৱা প্ৰতিজন ব্যক্তিলৈ সুকীয়াকৈ পত্ৰ প্ৰেৰণ কৰা হ'ব ৷ তেওঁলোকক নিজৰ স্থিতি স্পষ্ট কৰাৰ বাবে শুনানিলৈ তলব কৰা হ'ব ৷

এন আৰ চি সন্দৰ্ভত শিৱসাগৰৰ উপায়ুক্তৰ প্ৰতিক্ৰিয়া

By

Published : Jun 26, 2019, 7:35 PM IST

শিৱসাগৰ,26 জুন: NRCৰ অতিৰিক্ত কৰ্তন খচৰাত নাম অন্তৰ্ভুক্ত হোৱা লোকে লাভ কৰিব ওজৰ-আপত্তি প্ৰদৰ্শনৰ সুবিধা ৷ শিৱসাগৰ জিলাৰ উপায়ুক্ত ডঃ এছ লক্সমনে এই সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত প্ৰকাশ কৰিছে এই কথা ৷

এন আৰ চি সন্দৰ্ভত শিৱসাগৰৰ উপায়ুক্তৰ প্ৰতিক্ৰিয়া

নাম কৰ্তন হোৱা প্ৰতিজন ব্যক্তিলৈ এই সন্দৰ্ভত সুকীয়াকৈ পত্ৰ প্ৰেৰণ কৰা হ'ব আৰু তেওঁলোকক নিজৰ স্থিতি স্পষ্ট কৰাৰ বাবে শুনানিলৈ তলব কৰা হ'ব বুলিও জানিবলৈ দিয়ে ৷ এই শুনানিতে পৰৱৰ্তী আৰু চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৷

উল্লেখ্য যে,বুধবাৰে প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অতিৰিক্ত খচৰা তালিকাত অন্তৰ্ভুক্ত হৈছে সমগ্ৰ ৰাজ্যৰে 1 লাখ 2 হাজাৰ 462 গৰাকী লোকৰ নাম ৷ শিৱসাগৰ জিলাৰ কিমান লোকৰ নাম এই তালিকাত সোমাইছে সেই সন্দৰ্ভত জিলা উপায়ুক্ত লক্সমনে কিন্তু প্ৰকাশ নকৰিলে কোনো তথ্য ৷ বিশ্বাসযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি এই তালিকাত অন্তৰ্ভুক্ত হৈছে শিৱসাগৰ জিলাৰ 100 জনকৈও অধিক লোকৰ নাম ৷

ABOUT THE AUTHOR

...view details