শিৱসাগৰ,23 জুলাই: শিৱসাগৰ আৰক্ষীৰ জালত ৫ দুৰ্ধৰ্ষ গাড়ী চোৰ ৷ গোলাঘাট জিলাৰ মেৰাপানীৰ পৰা শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গাড়ী চোৰকেইটাক ৷ গ্ৰেপ্তাৰ হোৱা চোৰকেইটা ক্ৰমে,যোৰহাট জিলাৰ ইন্দ্ৰ দাস,সুমন শৰ্মা ওৰফে কচু,দীপক দাস,গোলাঘাট জিলাৰ চিতলমাৰীৰ এলিহাজাৰ গণক আৰু জিচকেল বনিয়া ৷ চোৰকেইটাই দীৰ্ঘদিনে শ-শ বাহন চুৰি কৰি এক প্ৰকাৰ নিদ্ৰাহৰণ কৰিছিল অসম আৰক্ষী আৰু প্ৰশাসনৰ ৷
শিৱসাগৰ আৰক্ষীৰ জালত ৫ দুৰ্ধৰ্ষ গাড়ী চোৰ - শিৱসাগৰ আৰক্ষীৰ জালত ৫ দুৰ্ধৰ্ষ গাড়ী চোৰ
শিৱসাগৰ আৰক্ষীয়ে অভিযান চলাই গোলাঘাট জিলাৰ মেৰাপানীৰ পৰা গ্ৰেপ্তাৰ কৰে 5জনকৈ দুৰ্ধৰ্ষ গাড়ী চোৰক ৷ গাড়ী চোৰকেইটাৰ পৰা জব্দ কৰা হয় এখন বলেৰ' পিক আপ ভান আৰু এখন বুলেট ৷ বৰ্তমান শিৱসাগৰ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হৈছে দুৰ্ধৰ্ষ চোৰকেইটাক ৷
শিৱসাগৰ আৰক্ষীৰ জালত ৫ দুৰ্ধৰ্ষ গাড়ী চোৰ
অন্য এক খবৰৰ বাবে: ৰাজ্যৰ বান পৰিস্থিতিৰ শেহতীয়া তথ্য
শিৱসাগৰ সদৰ থানাৰ নগৰ উপ পৰিদৰ্শক জ্যোতিস্মান নেওঁগৰ নেতৃত্বত অভিযান চলাই গ্ৰেপ্তাৰ কৰা হয় চোৰকেইটাক ৷ চোৰকেইটাৰ পৰা জব্দ কৰা হয় এখন বলেৰ' পিক আপ ভান আৰু এখন বুলেট ৷ চোৰকেইটাক শিৱসাগৰ সদৰ থানাত সোধ-পোছৰ অন্তত বৰ্তমান হাজিৰ কৰা হৈছে শিৱসাগৰ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত ৷