অসম

assam

ETV Bharat / state

অটল অমৃত অভিযান : শিৱসাগৰত ধোঁৱা চাঙত অটল অমৃত আঁচনি - শিৱসাগৰত ধোঁৱা চাঙত উঠিল অটল অমৃত আঁচনি

শাসনত থকা বিজেপি দলে ৰাইজৰ হিতৰ বাবে কাম কৰি অহা বুলি ঢোল কোবোৱা বিভাগ হৈছে স্বাস্থ্য বিভাগ। এই বিভাগৰ অন্তৰ্গত কেন্দ্ৰীয় চৰকাৰৰ অটল অমৃত আঁচনি সম্পৰ্কে বিজেপি চৰকাৰে সকলোতকৈ বেছি প্ৰচাৰ লাভ কৰিছে। কিন্তু প্ৰকৃততে কি অৱস্থাত চলিছে এই আঁচনিৰ অধীনত!!

শিৱসাগৰত ধোঁৱা চাঙত উঠিল অটল অমৃত আঁচনি
শিৱসাগৰত ধোঁৱা চাঙত উঠিল অটল অমৃত আঁচনি

By

Published : Feb 10, 2020, 7:56 PM IST

শিৱসাগৰ, 10 ফেব্ৰুৱাৰীঃশিৱসাগৰ জিলাৰ সামগ্ৰিক ছবিয়ে "অটল অমৃত অভিযান"আঁচনিৰ প্ৰকৃত স্বৰূপ উদঙাই ধৰিছে ৷ বৰ্তমানলৈ জিলাখনত মুঠ৪,০৯,০৯৬ জনলোকে অটল অমৃত অভিযানআঁচনিত অন্তৰ্ভুক্তিৰ আৱেদন কৰাৰ বিপৰীতে৩,২৬,১২৮গৰাকীয়ে লাভ কৰিছে আঁচনিৰ কাৰ্ড ৷ আনহাতে, বৃহৎ সংখ্যক আৱেদন কৰা হিতাধিকাৰীৰ ভিতৰত আচঁনিৰ কাৰ্ড পোৱা হিতাধিকাৰীৰ সংখ্যাতকৈয়ো আচৰিত আঁচনিৰ দ্বাৰা লাভান্বিত হোৱা হিতাধিকাৰীৰ সংখ্যা৷ তিনি লাখৰো অধিক লোকৰ বিপৰীতে আচঁনিখনৰ সুযোগ লাভ কৰিছে কেৱল১,৭৩১ জনহিতাধিকাৰীয়ে ৷

স্বয়ং শিৱসাগৰ জিলা স্বাস্থ্য বিভাগে প্ৰদান কৰা তথ্য অনুসৰি, আচঁনিৰ দ্বাৰা চিকিৎসাৰ লাভালাভ উঠাব পৰা লোকৰ সংখ্যা মুঠ ০.৫৩ শতাংশ ৷বৰ্তমান এয়াই শিৱসাগৰ জিলাত অটল অমৃত অভিযান আঁচনিৰ স্বৰূপ ৷ জানিব পৰা মতে, অভিলাষী আঁচনিখনে আওতাত ধৰা বৃক্ক, হৃদৰোগ, জুয়ে পোৰা, কৰ্কট ৰোগ, স্নায়ু ৰোগ এই 5 টা ৰোগৰ ভিতৰত এটা ৰোগৰো চিকিৎসা নহয় শিৱসাগৰত ৷ কেৱল বৃক্ক ৰোগৰ এক অংশ কিডনী ডায়েলেচিচ হয় শিৱসাগৰৰ দুখন ব্যক্তিগত চিকিৎসালয়ত ৷ ইয়াৰোপৰি, শিৱসাগৰৰ 500 বিচনাযুক্ত শিৱসাগৰ অসামৰিক চিকিৎসালয়তো এই ৰোগসমূহৰ চিকিৎসাৰ সুবিধা নাই ৷

সমান্তৰালকৈব্যক্তিগত 6 খন চিকিৎসালয়ৰ মাত্ৰ দুখনতহে বৃক্কজনিত ৰোগৰ আংশিক চিকিৎসাৰ সুবিধা আছে৷ সম্প্ৰিতী নাৰ্ছিং হোম, আদিত্য নাৰ্ছিং হোম, ইষ্ট পইণ্ট নাৰ্ছিং হোম আৰু শৰ্মা নাৰ্ছিং হোমৰ এখনতো উক্ত আঁচনিৰ অধীনত থকা ৰোগৰ চিকিৎসাৰ সুবিধা নাই ৷ নগৰখনৰ প্ৰগতি নাৰ্চিং হোম আৰু ৰজাবাৰীৰ চাওলুং চ্যুকাফা মাল্টি স্পেচিয়েলিটি চিকিৎসালয়ত কিডনী ডায়েলেচিচৰ বাদে আন চিকিৎসা নহয় ৷ চলিত বৰ্ষৰ জানুৱাৰী মাহলৈ অটল অমৃত অভিযান আঁচনিৰ অধীনত প্ৰগতি নাৰ্চিং হোমত ২৪১ গৰাকী আৰু চাওলুং চ্যুকাফা চিকিৎসালয়ত১৪৯০ হিতাধিকাৰীয়ে বৃক্কজনিত ৰোগৰ ডায়েলেচিচ বিনামূলীয়াকৈ কৰাৰ সুবিধা পাইছিল ৷

লগতে পঢ়কঃ নগাঁৱত প্ৰহসনত পৰিণত চৰকাৰৰ অটল অমৃত অভিযান

ইয়াৰ বাদে জিলাখনত আঁচনিৰ কাৰ্ড থকাৰ পাছতো চিকিৎসাৰ বাবে জনসাধাৰণে ধাপলি মাৰিব লগা হয় ডিব্ৰুগড়লৈ ৷যাৰ বাবে দুখীয়া ৰাইজৰ অৰ্থে এনে বিনামূলীয়া চিকিৎসা এতিয়াও সম্ভৱ হোৱা নাই ৷ ইয়াৰোপৰিডিব্রুগড় চিকিৎসা মহাবিদ্যালয়ৰ বাদে আন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত এনে বিনামূলীয়া কাৰ্ডৰ চিকিৎসাত হেমাহি কৰা বুলিও অভিযোগ উত্থাপন হৈ আহিছে ৷ শিৱসাগৰৰ বৃক্কৰ ডায়েলেচিচ কৰি থকা চিকিৎসালয় দুখনে অটল অমৃত অভিযান আঁচনিৰ অধীনত কৰা বিনামূলীয়া চিকিৎসাৰ পাওনা ধন চৰকাৰৰ পৰা নোপোৱাৰ বাবে মাজতে এই বিনামূলীয়া চিকিৎসা বন্ধ কৰি দিছিল ৷

মুঠৰ ওপৰত এতিয়া অটল অমৃত অভিযান আঁচনিৰ বিনামূলীয়া চিকিৎসা ধোঁৱা চাঙত বুলিব পাৰি ৷ এনে কামত নহা আঁচনিৰ জড়িয়তে ফটাঢোল কোবাইছে দেশৰ শাসনাধিষ্ঠিত চৰকাৰে ৷


ABOUT THE AUTHOR

...view details