আমগুৰি,3 নৱেম্বৰ : মাইক্ৰ'ফাইনেন্স কোম্পানীৰ লুণ্ঠনক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে আমগুৰিত পোহৰলৈ আহিছে এটি পৰিয়ালৰ কৰুণ কাহিনী ৷ মাইক্ৰ'ফাইনেন্স কোম্পানীৰ ঋণ লৈ এইবাৰ আমগুৰিত সৰ্বস্বান্ত হ'ল এটা পৰিয়াল । আমগুৰি জেহেনীয়া গাঁওৰ সৰুমাই গগৈ আৰু পুত্ৰ প্ৰবীণ গগৈয়ে মাইক্ৰ'ফাইনেন্স কোম্পানীৰ ঋণ লোৱাৰ ফলত অঘৰী জীৱন অতিবাহিত কৰিব লগা পৰিস্থিতিৰ মুখামুখি হৈছে ৷ নিজৰ ঘৰ, মাটি-বাৰী সহ সকলো ব্যক্তিগত সম্পত্তি বিক্ৰী কৰি সৰ্বস্বান্ত হোৱা পৰিয়ালটোৱে অৱশেষত পৈত্ৰিক সম্পত্তি বুলি থকা ২ কঠা মাটিৰ ঘৰৰ ভেঁটিটো বিক্ৰী কৰিব লগা হ'ল । বৰ্তমান পৰিয়ালটোৱে মাতৃ-পুত্ৰ-বোৱাৰীসহ আশ্ৰয় ল'ব লগা হৈছে ভাড়াঘৰত ।
মাইক্ৰ'ফাইনেন্স কোম্পানীৰ পৰা ঋণ লৈ সৰ্বস্বান্ত আমগুৰিৰ এটা পৰিয়াল - ওজনি অসম মাইক্ৰ'ফাইনেন্স কোম্পানী
শিৱসাগৰৰ আমগুৰিত মাইক্ৰ'ফাইনেন্স কোম্পানীৰ ঋণ পৰিশোধ কৰিব নোৱাৰি ঘৰ-বাৰী বিক্ৰী কৰি ভাড়াঘৰৰ বাসিন্দা হ'ল জেহেনীয়া গাঁৱৰ এটা পৰিয়াল ৷
মাইক্ৰ'ফাইনেন্স কোম্পানীৰ পৰা ঋণ লৈ সৰ্বশ্ৰান্ত আমগুৰিৰ এটা পৰিয়াল
পৰিয়ালটোৰ অভিযোগ, আৰোহন, বন্ধন আৰু ছেটিংছ নামৰ প্ৰতিষ্ঠানৰ এজেণ্ট আৰু একাংশ দালাল ব্যক্তিয়ে অতি নিৰ্দয়ভাৱে ঘৰৰ টিনপাট,প্ৰেচাৰ-কুকাৰ, টিভি, আৰু অন্যান্য লাগতিয়াল সামগ্ৰীও কাঢ়ি নিয়ে । অৱশেষত পৰিয়ালটোৱে ঘৰৰ ভেঁটিটো বিক্ৰী কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয় ।