আমগুৰি,18 ফেব্ৰুৱাৰীঃব্ৰক্ষ্মপুত্ৰৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে শিৱসাগৰৰ আমগুৰিৰ দিখৌমুখত । ইখনৰ পাচত সিখন গাঁও জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত । চিন্তিত নৈ পৰীয়া ৰাইজ। জিলাখনৰ ১০৩ নং আমগুৰি বিধানসভা সমষ্টিৰ অন্তগত দিখৌমুখলৈ সংকট মাতি আনিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই । দিখৌমুখৰ মামল চিকাৰী পাৰঘাটকে ধৰি অঞ্চলটোৰ ১নং, ২নং আলিমুৰ,পুৰণি গুদাম, ৰূপহী মুখৰ কেইবাখনো গাঁও এতিয়া খহনীয়াৰ কবলত । বিগত বছৰ সমুহত ধাৰাবাহিক ভাৱে হোৱা খহনীয়াৰ কবলত ইতিমধ্যেই জাহ গৈছে কেইবা শ হেক্টৰ ভূমি । আঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজ হৈছে গৃহহাৰা ।
ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বাবে পুনৰ সাতোটাকৈ পৰিয়ালে হেৰুৱাৰ উপক্ৰম হৈছে নিজৰ মাটি-ভেটি । স্থানীয় ৰাইজৰ অভিযোগ,জলসম্পদ বিভাগ তথা জিলা প্ৰশাসনে এই পৰ্যন্ত লোৱা নাই কোনো পদক্ষেপ । স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাইও প্ৰকৃত সমস্যালৈ গুৰুত্ব নিদি অঞ্চলটোত মাত্ৰ ভূমুকি মাৰিয়েই দায়িত্ব সামৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷