আমগুৰি, 6 আগষ্ট: শিৱসাগৰ জিলাৰ গৌৰীসাগৰ উন্নয়ণ খণ্ডৰ অন্তৰ্গত দিকচু পঞ্চায়ত ৷ শেহতীয়া পৰিস্থিতিৰ মাজতে এই পঞ্চায়তখনে সকলোকে দেখুৱাইছে এক আদৰ্শৰ বাট ৷ ব্যতিক্ৰমী পঞ্চায়তখন আন বহু পঞ্চায়তৰ বাবে হৈ পৰিছে আদৰ্শ স্বৰূপ ।
শিৱসাগৰৰ এখন গাঁও পঞ্চায়তৰ আদৰ্শনীয় পদক্ষেপ উল্লেখ্য যে, পূৰ্বৰ প্ৰতিবেদনত দেখুওৱা অনুসৰি, পঞ্চায়তখনে নিজাকৈ ৰাজহ সংগ্ৰহ কৰিবলৈ পঞ্চায়তৰ মাটিত সাঁচি আৰু মাটিকঁঠালৰ পুলি ৰোপন কৰিছিল ।এতিয়া মাটিকঁঠালবোৰ বিক্ৰীৰ বাবে উপযোগী হৈ পৰিছে ৷
মাটিকঁঠালৰ খেতিৰে পঞ্চায়তখনৰ অন্তৰ্গত বহু নিবনুৱা যুৱকক সংস্থাপনৰ পথ দেখুওৱা পঞ্চায়তখনে বৰ্তমান পুৰঠ হোৱা মাটিকঁঠালসমূহ পাইকাৰী মূল্যত জোৰা 60 টকাকৈ বিক্ৰীৰ ব্যৱস্থা কৰিছে । গৌৰীসাগৰ উন্নয়নৰ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়াৰ জৰিয়তে উদ্বোধন কৰা এই বিক্ৰীৰ আৰম্ভণিতে প্ৰথম দিনাই 1500 টকাৰ মাটি কঁঠাল বিক্ৰী কৰিবলৈ সক্ষম হয় পঞ্চায়ত কৰ্মীসকলে ।
পঞ্চায়তৰ বিষয়ববীয়াই জনোৱা মতে,প্ৰতি সপ্তাহতে 1000-2000 মাটিকঁঠাল বিক্ৰী কৰিব পৰা যাব। বিক্ৰী কৰি পোৱা টকাখিনি পঞ্চায়তৰ আন্তঃগাঁঠনি আৰু উন্নয়ণমূলক কামত খৰচ কৰিব বুলি বিষয়ববীয়া গৰাকীয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক:নাৰায়ণপুৰত উদ্ধাৰ ৰূপৰ মুদ্ৰাসহ খাৰু