অসম

assam

ETV Bharat / state

শিল্পী মনোজ বড়াৰ অগপত যোগদান - CAA বিৰোধী আন্দোলন

অগপত যোগদান CAA বিৰোধী আন্দোলনত এক সবল ভূমিকা গ্ৰহণ কৰা শিল্পী মনোজ বড়াৰ ৷ আমগুৰিৰ খনামুখত অনুস্থিত হোৱা অগপৰ এক মত বিনিময় অনুষ্ঠানত বড়াই অগপত যোগদান কৰে ৷ ৰাজ্যৰ নৱগঠিত আঞ্চলিক দলক বড়াৰ কটাক্ষ ৷ CAA ৰ বিৰুদ্ধে পূৰ্বৰ স্থিতিতে অটল থাকিব বুলি মন্তব্য বড়াৰ ৷

singer manoj borah joins agp
শিল্পী মনোজ বড়াৰ অগপত যোগদান

By

Published : Dec 14, 2020, 1:55 PM IST

আমগুৰি, 14 ডিচেম্বৰ:2021 ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনত এতিয়া সাধাৰণ লোকৰ লগতে বিভিন্ন ৰাজনৈতিক দলত শিল্পী, কলা-কুশলীৰ যোগদানৰ দৃশ্য অতি সুলভ হৈ পৰিছে ৷ নিজ নিজ দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ উদ্দেশ্যে প্ৰত্যেক ৰাজনৈতিক দলেই নিজ দললৈ শিল্পী তথা কলা-কুশলীক আদৰি অনা পৰিলক্ষিত হৈছে ৷

আমগুৰিৰ খনামুখত অনুস্থিত হোৱা অগপৰ এক মত বিনিময় অনুষ্ঠানত বড়াই অগপত যোগদান কৰে

দেওবাৰে ৰাজ্যৰ CAA বিৰোধী আন্দোলনত এক সবল ভূমিকা পালন কৰা শিল্পী মনোজ বড়াই আনুষ্ঠানিকভাৱে অসম গণ পৰিষদত যোগদান কৰে ৷ শিল্পী মনোজ বড়াই আমগুৰিৰ খনামুখত অনুস্থিত হোৱা অগপ(অসম গণ পৰিষদ)ৰ এক মত বিনিময় অনুষ্ঠানত দলত যোগদান কৰে ৷

অগপত যোগদান কৰাৰ পাছতে সাংবাদিকৰ সন্মুখত বড়াই একাংশই নিজ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে কা আন্দোলনত জপিয়াই পৰা বুলি কটাক্ষ কৰে ৷ আন্দোলনৰ পাছতে ৰাজ্যৰ ৰাজনীতিত এটা নহয় দুটাকৈ নতুন আঞ্চলিক ৰাজনৈতিক দলৰ উত্থান হোৱাক লৈ কটাক্ষ কৰি বড়াই কয় যে কেৱল নেতা হোৱাৰ বাবেই এইসকল লোকে আন্দোলনত অংশ লৈছিল ৷

অগপৰ মজিয়াত থাকিলেও কা (নাগৰিকত্ব সংশোধনী আইন) ৰ বিৰুদ্ধে পূৰ্বৰ স্থিতিত তেওঁ অটল থাকিব বুলি মন্তব্য কৰি বড়াই লগতে কয় যে অগপ দলে এই আইনক ক্ষেত্ৰত এক সঠিক সিদ্ধান্ত ল'ব বুলি তেওঁৰ দৃঢ় বিশ্বাস আছে ৷

লগতে পঢ়ক:আমগুৰিত অসম ছাত্ৰ পৰিষদৰ ২০২০-২১ বৰ্ষৰ সভাপতি পদৰ নিৰ্বাচন

ABOUT THE AUTHOR

...view details