অসম

assam

ETV Bharat / state

শিৱসাগৰত আৰম্ভ পথ সুৰক্ষা সপ্তাহ - পথ সুৰক্ষা সপ্তাহৰ শুভাৰম্ভণি কৰে জিলাখনৰ উপায়ুক্ত এম.এছ.লক্ষ্মীপ্ৰিয়াই

শিৱসাগৰত জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰম্ভ হৈছে পথ সুৰক্ষা সপ্তাহ ৷ পথ সুৰক্ষা সপ্তাহৰ শুভাৰম্ভণি কৰে জিলাখনৰ উপায়ুক্ত এম.এছ.লক্ষ্মীপ্ৰিয়াই ৷ সমগ্ৰ দেশৰ লগতে অসমতো ভয়াৱহভাৱে বৃদ্ধি হোৱা পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ এই সপ্তাহৰ আয়োজন কৰে পৰিবহন বিভাগে ৷

SIBSAGOR ROAD SAFETY PROGRAMME
শিৱসাগৰত আৰম্ভ পথ সুৰক্ষা সপ্তাহ

By

Published : Jan 11, 2020, 3:47 PM IST

শিৱসাগৰ, 11জানুৱাৰীঃ সমগ্ৰ দেশৰ লগতে শিৱসাগৰ জিলাতো আৰম্ভ হৈছে পথ সুৰক্ষা সপ্তাহ ৷ আজি জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত জিলাখনত পথ সুৰক্ষা সপ্তাহৰ শুভাৰম্ভণি কৰে জিলা উপায়ুক্ত এম.এছ. লক্ষ্মীপ্ৰিয়াই ৷ উপায়ুক্তগৰাকীয়ে কয়, দৈনিক পথ দুৰ্ঘটনাত বহু লোকৰ মৃত্যু হৈ আছে ৷ যাৰ বাবে এই সজাগতাৰ সৃষ্টি কৰা হৈছে আৰু এই কিঞ্চিত সজাগতাই বহু জীৱন ৰক্ষা কৰিব পাৰে বুলি উল্লেখ কৰে উপায়ুক্তগৰাকীয়ে ৷

উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বৰ সমান্তৰালকৈ ভাৰততো এক গুৰুতৰ সমস্যাৰূপে দেখা দিছে পথ দুৰ্ঘটনাই ৷ ভাৰত চৰকাৰৰ পথ পৰিবহন বিভাগৰ এক তথ্য অনুসৰি ২০১৭ বৰ্ষত সমগ্ৰ ভাৰতত প্ৰতি ঘণ্টাত ৫৩টা পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে এই দুৰ্ঘটনাসমূহত ১৭জনকৈ লোকৰ মৃত্যু হৈছে । উক্ত বৰ্ষত দুৰ্ঘটনাত ১,৪৭,৯১৩ গৰাকী লোকৰ মৃত্যু হৈছে । সেই বছৰত অসমত মৃত্যু হোৱা লোকৰ সংখ্যা ২,৭৮৩ গৰাকী আছিল । আনহাতে বিশ্ব স্বাস্থ্য সংস্থাৰ এক গোলকীয় পৰিসংখ্যা অনুসৰি ২০১৮ বৰ্ষত সমগ্ৰ দেশত সংঘটিত ৪,৬৭,০৪৪টা পথ দুৰ্ঘটনাত মুঠ ১,৫১,৪১৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৪,৬৯,৪১৮ গৰাকী লোক আঘাতপ্ৰাপ্ত হৈছিল।

শিৱসাগৰত আৰম্ভ পথ সুৰক্ষা সপ্তাহ

অন্য এক খবৰৰ বাবে : শিৱসাগৰত উদ্ধোধন কেঁচুসাৰ প্ৰকল্প

পথ দুৰ্ঘটনাৰ এনে গুৰুতৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ লগতে অসমতো পথ দুৰ্ঘটনাৰ প্ৰতি ৰাইজক সজাগ কৰিবলৈ পথ সুৰক্ষা সপ্তাহ পালন কৰা হৈছে । এই সপ্তাহটোত পৰিবহন বিভাগে দুৰ্ঘটনা ৰোধ কৰিবলৈ ল'বলগীয়া ব্যৱস্থাসমূহ ৰাইজৰ আগত অৱগত কৰিব ৷

ABOUT THE AUTHOR

...view details